settings icon
share icon
প্রশ্ন

বাইবেলে দশম ভাগ দিয়াৰ বিষয়ে কি কয়?

উত্তৰ


বহুতো খ্ৰীষ্টীয়ানে দশম ভাগ দিয়াৰ কথাটো লৈ যুঁজ-বাগৰ কৰে। কিছুমান মণ্ডলীত দান দিয়াৰ কথাত বেছি জোৰ দিয়ে। একে সময়ত, বহুতো খ্ৰীষ্টীয়ানে প্ৰভুৰ উদ্দেশ্যে বাইবেলে দান দিবলৈ কোৱা কথাটো মানিবলৈ অস্বীকাৰ কৰে। দশমাংশ/দান দিয়াটো আনন্দ আৰু আশীৰ্বাদৰ বিষয়হে হোৱা উচিত। দুখজনকভাৱে আজিৰ মণ্ডলীত কেতিয়াবা নহয়।

দশম ভাগ দিয়াটো এটা পুৰণি নিয়মৰ ধাৰণা। বিধানে বিচাৰে যে ইস্ৰায়েলসকলে খেতিৰ আৰু পোহনীয়া জন্তুৰ উত্পাদনৰ দহ ভাগৰ এভাগ বেদী/মন্দিৰলৈ আনিব(লেবীয়া ২৭:৩০; গণনাপুস্তক ১৮:২৬; দ্বিতীয় বিবৰণ ১৪:২৪; ২ বংশাৱলি ৩১:৫)। দৰাচলতে, পুৰণি নিয়মৰ বিধানে বহুসংখ্যক দশম ভাগ বিচাৰিছিল- লেবীয়াসকলৰ বাবে এটা, এটা মন্দিৰ ঘৰ আৰু উৎসৱত ব্যৱহাৰৰ বাবে, আৰু এটা দেশৰ দৰিদ্ৰৰ বাবে-যিবিলাক মুঠ একেলগে প্ৰায় ২৩.৩ শতাংশ হ’ব। কিছুমানে কয় যে পুৰণি নিয়মৰ দশমাংশ পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বলিৰ প্ৰয়োজনীয়তাৰ বাবে কৰ দিয়া এটা পদ্ধতি।

নতুন নিয়মৰ কোনো ঠাইতে তেনে কোনো আদেশ, নতুবা অনুমোদন নাই যে খ্ৰীষ্টীয়ানসকলে বিধিগতভাৱে দশমাংশ দিব লাগে। নতুন নিয়মৰ কোনো ঠাইতে এজন ব্যক্তিয়ে তেওঁৰ উপাৰ্জনৰ কোনো শতাংশ আছুটীয়া কৰি ৰাখিব লাগে বুলি কোৱা নাই, কিন্তু কৈছে কেৱল দান “নিজ আয় অনুসাৰে” দিব(১ কৰিন্থীয়া ১৬:২)। কিছুমান খ্ৰীষ্টীয় মণ্ডলীত পুৰণি নিয়মত দশম ভাগ দিয়াটো খ্ৰীষ্টীয়ানে “নাই কমেও অনুমোদন” দান দিবলগীয়া বুলি লৈছে।

নতুন নিয়মে দান দিয়াৰ প্ৰয়োজনীতা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে কৈছে। আমি সামৰ্থ অনুযায়ী দিয়া উচিত। কেতিয়াবা দান দিয়াটো ১০% তকৈ অধিক; কেতিয়াবা তাতকৈ কম। এইটো নিৰ্ভৰ কৰে খ্ৰীষ্টীয়ানে দিয়াৰ সামৰ্থতা আৰু মণ্ডলীৰ প্ৰয়োজনীয়তাৰ ওপৰত। প্ৰত্যেক খ্ৰীষ্টীয়ানে দশম ভাগ/বা কিমান অধিক দিব(যাকোব ১:৫) দিব মনোযোগে প্ৰাৰ্থনাসহকাৰে ঈশ্বৰৰ জ্ঞান বিচাৰিব লাগে। সকলোৰে ওপৰত, সকলো দশম ভাগ আৰু দান শুদ্ধ মনেৰে আৰু ঈশ্বৰক সেৱা আৰু খ্ৰীষ্টৰ শৰীৰৰ পৰিচৰ্যা কৰা মনোভাৱেৰে দিয়া উচিত। “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে”( ২ কৰিন্থীয়া ৯:৭)।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

বাইবেলে দশম ভাগ দিয়াৰ বিষয়ে কি কয়?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries