ঈশ্বৰ আছেনে? ঈশ্বৰ থকাৰ কোনো প্রমাণ আছেনে?




প্রশ্ন: ঈশ্বৰ আছেনে? ঈশ্বৰ থকাৰ কোনো প্রমাণ আছেনে?

উত্তৰ:
ঈশ্বৰ আছেনে? ঈশ্বৰ থকা আৰু নথকা বিষয়কলৈ হোৱা তর্ক-বিতর্কই সঘনাই দৃষ্টি আকর্ষণ কৰে। আমোদজনকভাৱে শেহতীয়া জৰীপ কিছুমানৰ পৰা জনা গৈছে যে পৃথিবীৰ 90 শতাংশ মানুহেই ঈশ্বৰ বা তেনে কোনো উচ্চতৰ শক্তি আছে বুলি বিশ্বাস কৰে। তথাপি যিসকলে ঈশ্বৰ আছে বুলি বিশ্বাস কৰে তেওঁলোকৰ ওপৰতে ঈশ্বৰ থকাৰ প্রমাণ দিয়াৰ দায়িত্ব অপর্ণ কৰা হৈছে। বৰং বিপৰীত পক্ষই এই যুক্তি দিয়াৰ দায়িত্ব লোৱাটো অধিক যুক্তিসঙ্গত হ'লহেতেন।

কিন্তু, ঈশ্বৰৰ অস্তিত্বৰ প্রমাণো দিব নোৱাৰি বা অস্তিত্বক অস্বীকাৰো কৰিব নোৱাৰি। বাইবেলত কোৱা হৈছে যে ঈশ্বৰৰ অস্তিত্বক নিজৰ বিশ্বাসেৰে স্বীকাৰ কৰিব লাগিব, "বিশ্বাসৰ অবিহনে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰি, কাৰণ যিজন তেওঁৰ ওচৰলৈ যায় সেইজনে তেওঁৰ অস্তিত্বত বিশ্বাস কৰিবই লাগিব আৰু যিজনে তেওঁক অন্তৰেৰে বিচাৰে সেইজনকহে তেওঁ পুৰস্কাৰ দিয়ে" (হিব্রু 11:6)। যদি ঈশ্বৰে ইচ্ছা কৰিলেহেতেন, তেওঁ সাধাৰণভাৱে দেখা দিলেহেতেন আৰু সম্পূর্ণ পৃথিবীক তেওঁৰ অস্তিত্বৰ প্রমাণ আগবঢালেহেতেন। কিন্তু যদি তেওঁ এনে কৰিলে হয়, বিশ্বাসৰ কোনো আৱশ্যকতাই নাথাকিলেহেতেন। "তাৰ পিছত যিশুৱে তেওঁক ক'লে, 'যিহেতু তুমি মোক দেখিলা, তুমি বিশ্বাস কৰিলা; ভাগ্যবান সেইসকল যিসকলে মোক দেখা নাই আৰু তথাপি মোক বিশ্বাস কৰে'” (জন 20:29)।

কিন্তু, ইয়াৰ দ্বাৰা এইটো প্ৰমাণ নহয় যে ঈশ্বৰৰ অস্তিত্বৰ কোনো প্রমাণ নাই। বাইবেলত কোৱা হৈছে, "স্বর্গই ঈশ্বৰৰ মহিমা ঘোষণা কৰে; আৰু আকাশখনে তেওঁৰ হাতৰ কর্মৰাজি ঘোষণা কৰে। দিনৰ পিছত দিন ধৰি সিবিলাকে কথা কয়, ৰাতিৰ পিছত ৰাতি সিবিলাকে জ্ঞান প্রদর্শন কৰে। এনে কোনো কথা বা ভাষা নাই য'ত সিবিলাকৰ কথা শুনা নাযায়। সিহঁতৰ ধ্বনি পৃথিবীৰ সকলোৱে শ্ৰৱণ কৰে, সিহঁতৰ কথা পৃথিবীৰ শেষ সীমালৈকে প্রসাৰিত হয়" (ছাম 19:1-4)। তৰাবোৰলৈ লক্ষ্য কৰিলে, বিশ্ব-ব্রহ্মাণ্ডৰ বিশালতাক উপলব্ধি কৰিলে, প্রকৃতিৰ বিস্ময়বোৰ নিৰীক্ষণ কৰিলে, সূর্যাস্তৰ সৌন্দর্য্যখিনি দেখিলে - এই সকলোবোৰে সৃষ্টিকর্তা ঈশ্বৰলৈকে আঙুলিয়াই দিয়ে। যদি এইবোৰ যথেষ্ট নহয়, আমাৰ হৃদয়তে ঈশ্বৰৰ অস্তিত্বৰ প্রমাণ পোৱা যায়। ইক্লেচিয়াচটিচ 3:11 ত আমাক কোৱা হৈছে, “…তেওঁ মানুহৰ হৃদয়ত অনাদি অনন্ত কাল ধৰি বাস কৰিছে…” আমাৰ হৃদয়ৰ গভীৰ কোণত এনে কিবা আছে যিয়ে বুজি পায় যে এই জীৱনৰ অন্ততো কিবা আছে আৰু এই পৃথিবীৰ সিপাৰে কোনোবা আছে। আমি এই জ্ঞান বুদ্ধিগত যুক্তি-তর্কৰে অগ্রাহ্য কৰিব পাৰো, কিন্তু আমাৰ মাজত আৰু আমাৰ মাজেৰে ঈশ্বৰৰ উপস্থিতি এতিয়াও আছে। তত্স্বত্বেও, বাইবেলে আমাক সাৱধান কৰি দিছে যে সকলোৱে তথাপি ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰিব লাগিব. "মুর্খজনে নিজৰ হৃদয়ত, 'ঈশ্বৰ নাই'" বুলি কয় (ছাম 14:1)। যিহেতু ইতিহাসৰ সকলো যুগতে, সকলো সংস্কৃতিতে, সকলো সভ্যতাতে, সকলো মহাদেশতে শতকৰা ৯৮ ভাগ মানুহেই কিবা নহয় কিবা প্রকাৰে কোনোবা এজন ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰে, এই বিশ্বাসৰ অন্তৰালত কিবা নহয় কিবা (বা কোনোবা নহয় কোনোবা) এটা নিশ্চয় আছে।

ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে বাইবেলত থকা যুক্তিৰ বাহিৰেও, যুক্তিপূর্ণ ভাৱেৰেও ঈশ্বৰৰ অস্তিত্বক প্রমাণ কৰিব পাৰি। প্রথমতে দিব পাৰি ত্বাত্ত্বিক যুক্তি। ত্বাত্ত্বিক যুক্তিবোৰৰ ভিতৰৰ আটাইতকৈ জনপ্রিয় যুক্তিটো হৈছে ঈশ্বৰৰ ধাৰণাৰ মাজেৰে ঈশ্বৰৰ অস্তিত্বক প্রমাণ কৰাটো। ইয়াৰ আৰম্ভণি ঈশ্বৰৰ সংজ্ঞাৰে কৰা হৈছে এইদৰে "যে ইয়াতকৈ মহান আৰু একো কল্পনা কৰিব নোৱাৰি।" ইয়াৰ পিছত যুক্তি দিয়া হৈছে যে অস্তিত্ব থকাটো অস্তিত্ব নথকাতকৈ শ্রেয়, আৰু সেয়েহে যাক আটাইটকৈ শ্রেষ্ঠ বুলি কল্পনা কৰা হৈছে তাৰ অস্তিত্ব থাকিবই লাগিব। যদি ঈশ্বৰ নাথাকিলেহেতেন তেতিয়া ঈশ্বৰ আটাইতকৈ শ্রেষ্ঠ বুলি নিশ্চয় কল্পনা কৰা নগ'লহেতেন, কিন্তু ই ঈশ্বৰৰ সংজ্ঞাৰ বিৰুদ্ধে গ'লহেতেন। দ্বিতীয়তে দিব পাৰি পৰমকাৰণবাদ যুক্তি। পৰমকাৰণবাদ যুক্তিটো হৈছে এই যে যিহেতু বিশ্ব-ব্রহ্মাণ্ড ইমানেই আচৰিত ধৰণৰ, ই নিশ্চয় কোনোবা ঐশ্বৰিক শক্তিৰ পৰিকল্পনা। উদাহৰণস্বৰূপে, যদি ই সূর্যৰ পৰা কেবা মাইলমান ওচৰত বা কেবা মাইলমান দূৰৈত অৱস্থিত হ'লহেতেন, পৃথিবীৰ সকলো প্ৰাণীয়ে বর্তমান যিদৰে জীৱন ধাৰণ কৰি আছে তেনেদৰে নিশ্চয় কৰিব নোৱাৰিলেহেতেন। যদি আমাৰ বায়ুমণ্ডলত থকা উপাদানবোৰৰ পৰিমাণ মাত্র কেইটামান শতাংশৰ হেৰফেৰ হ'লহেতেন, পৃথিবীৰ সকলো জীৱৰে মৃত্যু হ'লহেতেন। এটা প্রটিন পৰমাণু দৈৱক্রমে গঠিত হোৱাৰ সম্ভাৱনা হৈছে ১০২৪৩ ৰ ভিতৰত ১ (অর্থাৎ ১০ ৰ পিছত ২৪৩ টা শূন্য)। এটা কোষ অনেক কোটি প্রটিন পৰমাণুৰ দ্বাৰা গঠিত।

ঈশ্বৰৰ অস্তিত্বৰ সমর্থনত দিব পৰা তৃতীয়টো যুক্তিৰ নাম হৈছে সৃষ্টিতত্বৰ যুক্তি। প্রত্যেক পৰিণতিৰে কাৰণ আছে। এই বিশ্ব-ব্রহ্মাণ্ড আৰু ইয়াত থকা সকলোবোৰেই হৈছে এক পৰিণতি। এই সকলোবোৰৰ অস্তিত্বৰ অন্তৰালত নিশ্চয় কিবা নহয় কিবা এটা আছে। সর্বশেষত, এই সকলোবোৰৰ বাবে অস্তিত্বৰ কাৰণ হ'বলৈ নিশ্চয় "কাৰণহীন" এটা আছে। সেই "কাৰণহীন" টোৱেই হৈছে ঈশ্বৰ। চতুর্থ যুক্তিটো নৈতিক যুক্তি বুলি জনা যায়। বুৰঞ্জীত পোৱা সকলো সংস্কৃতিৰে কোনোবা প্রকাৰৰ আইন থাকে। প্রত্যেকৰে শুদ্ধ আৰু ভুল বিচাৰ কৰাৰ জ্ঞান আছে। হত্যা, মিছা কথা কোৱা, চুৰ কৰা আৰু অনৈতিকতা সার্বজনীনভাবে প্রত্যাখান কৰা হয়। যদিহে কোনোবা পবিত্র ঈশ্বৰৰ পৰা উদ্ভুত নহ'লহেতেন এই শুদ্ধ আৰু ভুলৰ জ্ঞান ক'ৰ পৰা আহিলহেতেন।

তথাপি, বাইবেলে আমাক কৈছে যে মানুহে ঈশ্বৰৰ পৰিষ্কাৰ আৰু অনস্বীকার্য জ্ঞান অস্বীকাৰ কৰিব আৰু মিছা কথাহে বিশ্বাস কৰিব। ৰোমানচ 1:25 ত ঘোষণা কৰা হৈছে, "সিহঁতে ঈশ্বৰৰ ঠাইত মিছা কথা সলনি কৰিলে, আৰু চিৰ প্রশংসিত সৃষ্টিকর্তাৰ সলনি সৃষ্ট বস্তুক উপাসনা আৰু সেৱা কৰিলে। আমেন।" বাইবেলে আৰু ঘোষণা কৰিছে যে ঈশ্বৰক বিশ্বাস নকৰিবলৈ মানুহে আপত্তি দৰ্শোৱাৰ কোনো যুক্তি নাই, "কাৰণ পৃথিবীখন সৃষ্টি হোৱাৰে পৰা ঈশ্বৰৰ অদৃশ্য গুণাৱলী - তেওঁৰ শাশ্বত শক্তি আৰু স্বর্গীয় চৰিত্র - এই সকলোবোৰ পৰিষ্কাৰকৈ দেখা পোৱা গৈছে, কিহৰ পৰা তৈয়াৰ কৰা হৈছে বুজাই দিয়া হৈছে, যাতে মানুহে কোনো ধৰণৰ আপত্তি দেখুৱাব নোৱাৰে" (ৰোমানচ 1:20)।

মানুহে ঈশ্বৰক বিশ্বাস নকৰে বুলি ঘোষণা কৰে কাৰণ বিশ্বাস কৰিবলৈ ই "অবৈজ্ঞানিক" বা ইয়াৰ "কোনো প্রমাণ নাই।" আচল কাৰণটো হৈছে মানুহে ঈশ্বৰ আছে বুলি এবাৰ মানি ললেই এই কথাটোও উপলদ্ধি কৰে যে ঈশ্বৰৰ ওচৰত এতিয়া জবাবদিহি হ'ব লাগিব আৰু তেওঁৰ পৰা ক্ষমা বিচাৰিব লাগিব (ৰোমানচ 3:23; 6:23)। যদি ঈশ্বৰ আছে, আমি আমাৰ কামৰ খতিয়ান তেওঁৰ ওচৰত দাঙি ধৰিব লাগিব। যদি ঈশ্বৰ নাই বুলি বিশ্বাস কৰো, আমি যিহকে ইচ্ছা তাকে কৰিব পাৰো আৰু ঈশ্বৰে আমাক বিচাৰ কৰিব বুলি ভয় কৰি থকাৰ আৱশ্যক নাথাকে। সেয়েহে আমাৰ সমাজৰ বহুতৰে মনবোৰক বিৱর্তনে এনেদৰে আৱৰি ধৰিছে আৰু ই সৃষ্টিকর্তা ঈশ্বৰৰ বিকল্প এটাক বিশ্বাস কৰাৰ থল এটা দিছে। ঈশ্বৰ আছে আৰু সকলোৱে জানে যে ঈশ্বৰ সঁচাকৈয়ে আছে। প্রকৃত কথাটো হৈছে ঈশ্বৰৰ অস্তিত্ব নাই বুলি প্রমাণ কৰিবলৈ কৰা প্রচেষ্টাবোৰেই তেওঁৰ অস্তিত্ব প্ৰমাণৰ হকে থকা এটা প্রধান যুক্তি।

ঈশ্বৰৰ অস্তিত্বৰ হকে এটা শেষ যুক্তি দাঙি ধৰো আহক। আমিনো কেনেকৈ জানিম ঈশ্বৰ আছে? খ্রীষ্টান হোৱাৰ বাবে আমি জানো যে ঈশ্বৰ আছে কাৰণ আমি তেওঁৰ সৈতে সদায়ে কথা পাতো। আমি তেওঁৰ কথা কাণেৰে নুশুনিব পাৰো, কিন্তু আমি তেওঁৰ উপস্থিতি উপলব্ধি কৰো, আমি অনুভৱ কৰো যে তেওঁ আমাক নেতৃত্ব দিছে, আমি জানো তেওঁ আমাক ভাল পায় আৰু আমি তেওঁৰ কৰুণা বিচাৰো। আমাৰ জীৱনত এনে কেতবোৰ ঘটনা ঘটে যাৰ ব্যাখ্যা বিচাৰিলে ঈশ্বৰৰ বাহিৰে আন কোনো কাৰণ পোৱা নাযায়। ঈশ্বৰে আমাৰ জীৱন ইমান অবিশ্বাস্যভাবে ৰক্ষা কৰে আৰু আমাৰ জীৱন সলনি কৰি দিয়ে যে আমি তেওঁৰ অস্তিত্বক স্বীকাৰ নকৰি আৰু তেওঁক প্রসংশা নকৰি নোৱাৰো। যিজনে আটাইতকৈ পৰিষ্কাৰ কথাটোও বিশ্বাস নকৰে তেওঁক কোনো যুক্তিৰ দ্বাৰাই পতিয়ন নিয়াব নোৱাৰি। অৱশেষত, ঈশ্বৰৰ অস্তিত্বক বিশ্বাসৰ দ্বাৰাহে স্বীকাৰ কৰিব লাগিব (হিব্রুজ 11:6)। ঈশ্বৰৰ ওপৰত কৰা বিশ্বাস অন্ধকাৰৰ মাজলৈ দিয়া জাঁপ নহয়; ই এটা উজ্জ্বলিত কোঠালৈ দিয়া নিৰাপদ পদক্ষেপ য'ত ইতিমধ্যে 90 শতাংশ মানুহেই প্রৱেশ কৰিছে।



অসমীয়া গৃহপৃষ্ঠালৈ ঘূৰি যাওক



ঈশ্বৰ আছেনে? ঈশ্বৰ থকাৰ কোনো প্রমাণ আছেনে?