settings icon
share icon
প্রশ্ন

পৰিত্ৰাণ কেৱল বিশ্বাসেৰে নে বিশ্বাস আৰু কৰ্মৰে?

উত্তৰ


এইটো সম্ভৱ খ্ৰীষ্টীয় ঈশ্বৰতত্ত্বৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নটো সংস্কাৰৰ কাৰণ, প্ৰটেষ্টাণ্ট আৰু কেথ’লিক মণ্ডলীৰ বিভাজন। প্ৰশ্নটো বাইবেল সম্বন্ধীয় খ্ৰীষ্টীয়ান আৰু বহুতো “ভুল খ্ৰীষীয়ান” মতৰ মাজত মূল পাৰ্থক্য। পৰিত্ৰাণ কেৱল বিশ্বাসৰ দ্বাৰা নে, নতুবা বিশ্বাসসহ কৰ্মৰে? মই যীচু খ্ৰীষ্টক বিশ্বাস কৰি পৰিত্ৰাণ পাওঁ নে, বা মই যীচুক বিশ্বাস কৰি আৰু কিবা কৰিব লাগিব?

কিছুমানে কেৱল বিশ্বাসেৰে নতুবা বিশ্বাস আৰু কৰ্মৰে প্ৰশ্নটো জটিল কৰি পেলাইছে যে বাইবেলৰ কথাৰে মিলাবলৈ টান হয়। ৰোমীয়া ৩:২৮, ৫:১ আৰু গালাতীয়া ৩:২৪ পদৰ লগত যাকোব ২:২৪ তুলনা কৰক। কিছুমানে পৌল(কেৱল বিশ্বাসেৰে পৰিত্ৰাণ) আৰু যাকোবৰ(বিশ্বাস আৰু কৰ্মৰে পৰিত্ৰাণ)মাজত পাৰ্থক্য দেখে। পৌলে ধৰ্মমতে কৈছে যে ধাৰ্মিক বুলি গণিত হোৱাটো কেৱল বিশ্বাসেৰে(ইফিচীয়া ২:৮-৯), যাকোবে ধাৰ্মিক বুলি গণিত হোৱাটো বিশ্বাস আৰু কৰ্মৰে কোৱা যেন লাগে। এই আপাত প্ৰশ্নটোৰ উত্তৰ পোৱা যায় প্ৰকৃততে যাকোবেনো কি কৈছে পৰীক্ষা কৰাৰ দ্বাৰায়। যাকোবে সেই বিশ্বাস গৰিহণা দিছে যি বিশ্বাসত একো ভাল কৰ্মফল নাই(যাকোব ২:১৭-১৮)। যাকোবে এইটো জোৰ দিছে যে খ্ৰীষ্টত প্ৰকৃত বিশ্বাস থাকিলে জীৱন পৰিবৰ্তন হয় আৰু ভাল কাম উৎপন্ন কৰে। যাকোবে কোৱা নাই যে ধাৰ্মিক বুলি গণিত হোৱাটো বিশ্বাস আৰু কৰ্মৰে, কিন্তু যিজনে সঁচাকৈ বিশ্বাৰেৰে ধাৰ্মিক বুলি গণিত হ’ল তেওঁৰ জীৱনত ভাল কৰ্ম থাকিব। যদি এজন মানুহে বিশ্বাসী বুলি দাবী কৰে, কিন্তু যদি তেওঁৰ জীৱনত ভাল কৰ্ম নাই, তেনেহ’লে খ্ৰীষ্টত তেওঁৰ প্ৰকৃত বিশ্বাস নাই(যাকোব ২:১৪,১৭,২০,২৬)।

পৌলে তেওঁৰ লেখাবিলাকত একে কথাই কৈছে। ভাল ফলৱান বিশ্বাসীৰ জীৱনত থকাবিলাকৰ এখন তালিকা দিছে গালাতীয়া ৫:২২-২৩ পদত। আমি বিশ্বাসেৰে পৰিত্ৰাণ পাওঁ, কৰ্মৰে নহয়(ইফিচীয়া২:৮-৯) বুলি কোৱাৰ পিছতে পৌলে জনাইছে যে আমি সৎ কৰ্মলৈ সৃষ্টি হ’লো(ইফিচীয়া ২:১০)। যাকোবৰ দৰে পৌলেও একে পৰিবৰ্তনশীল জীৱন আশা কৰিছে: “এতেক কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি; পুৰণিবোৰ লুপ্ত হ’ল; চোৱা, নতুন হ’ল”(২ কৰিন্থীয়া ৫:১৭)। যাকোব আৰু পৌল তেওঁলোক তেওঁলোকৰ পৰিত্ৰাণৰ শিক্ষাত মতভেদ নাই। তেওঁলোকে একে বিষয় বেলেগ দৃষ্টিকোণৰ পৰা লৈছে। পৌলে মাথোন জোৰ দিছে যে ধাৰ্মিক বুলি গণিত হোৱাটো কেৱল বিশ্বাসেৰে আৰু যাকোবে ক’ব বিচাৰিছে যে খ্ৰীষ্টত প্ৰকৃত বিশ্বাস থাকিলে ভাল কাম উৎপন্ন কৰিব।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

পৰিত্ৰাণ কেৱল বিশ্বাসেৰে নে বিশ্বাস আৰু কৰ্মৰে?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries