settings icon
share icon
প্রশ্ন

ক্ষমা লাভ কৰিছেনে? মই ঈশ্বৰৰ পৰা কেনেকৈ ক্ষমা লাভ কৰিম?

উত্তৰ


পাচনিৰ কৰ্ম ১৩:৩৮ ঘোষণা কৰিছে, “এই কাৰণে, হে ভাইসকল, সেই জনাৰ দ্বাৰাই পাপ-মোচন তোমালোকৰ আগত প্ৰচাৰ কৰা গৈছে”।

ক্ষমা কি আৰু কিয় মোক ক্ষমা লাগে?

“ক্ষমা” শব্দটো মানে ফলিখন মচি পৰিস্কাৰ কৰা, ক্ষমা কৰা, ধাৰ এৰি দিয়া। যেতিয়া আমি কাৰো প্ৰতি ভুল কৰোঁ, আমাৰ সম্বন্ধ ৰক্ষাৰ বাবে আমি ক্ষমা বিচাৰোঁ। ক্ষমা পোৱাৰ যোগ্য হোৱাৰ বাবে ক্ষমা দিয়া নহয়। কোনেও ক্ষমা পোৱাৰ যোগ্য নহয়। ক্ষমা হৈছে এটি প্ৰেম, দয়া আৰু অনুগ্ৰহৰ কাৰ্য। ক্ষমা হৈছে আনে যি কৰিলেও তেওঁৰ বিৰুদ্ধে একো নৰখাৰ সিদ্ধান্ত।

বাইবেলে কৈছে যে আমাক সকলোৱে ঈশ্বৰৰ ক্ষমাৰ প্ৰয়োজন। আমি সকলোৱে পাপ কৰিলো। উপদেশক ৭: ২০ কৈছে, “বাস্তৱিকে, পাপ নকৰি সৎকৰ্ম কৰা ধাৰ্মিক মানুহ পৃথিৱীত নাই।” ১ যোহন ১:১ কৈছে, “আমাৰ পাপ নাই বুলি যদি কওঁ, তেন্তে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।” সকলো পাপেই শেহত ঈশ্বৰৰ বিৰুদ্ধাচৰণ(গীতমালা ৫১:৪)। ফলস্বৰূপে, আমাক নিতান্তই ঈশ্বৰৰ ক্ষমা লাগে। যদি আমাৰ পাপবোৰৰ ক্ষমা পোৱা নাই পাপৰ পৰিণতিস্বৰূপে আমি অনন্তকাল শাস্তি ভুগিব লাগিব(মথি ২৫:৪৬; যোহন ৩:৩৬)

ক্ষমা- মই কেনেকৈ পাওঁ?

ধন্যবাদেৰে, ঈশ্বৰ প্ৰেমৱান আৰু দয়াৱান- আমাক পাপ ক্ষমা দিবলৈ সদায়ে অগ্ৰহী! ২ পিতৰ ৩: ৯ কৈছে, “…কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পলটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি, তোমালোকলৈ দীৰ্ঘ-সহিষ্ণু হয়”। ঈশ্বৰে আমাক ক্ষমা দিবলৈ বিচাৰে, সেয়েহে তেওঁ আমাৰ ক্ষমাৰ বাবে উপায় কৰিলে।

অমাৰ পাপৰ কেৱল ন্যাৰ্য শাস্তি হৈছে মৃত্যু। ৰোমীয়া ৬:২৩ প্ৰথম ভাগে কৈছে, “কিয়নো পাপৰ বেচ মৃত্যু…” আমি আমাৰ পাপৰ বাবে অনন্ত মৃত্যু আৰ্জিলো। ঈশ্বৰ, তেওঁৰ সিদ্ধ আঁচনিত, মানুহ হ’ল- যীচু খ্ৰীষ্ট (যোহন ১:১,১৪)। আমি পাবলগীয়া শাস্তি-মৃত্যু লৈ যীচু ক্ৰুচত মৃত্যু হ’ল। ২ কৰিন্থীয়া ৫:২১ আমাক শিক্ষা দিছে, “আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতাৰূপ হ’বলৈ, যি জনাই পাপ কৰা নাই, সেই জনাকে তেওঁ আমাৰ নিমিত্তে পাপস্বৰূপ কৰিলে”। আমি পাবলগীয়া শাস্তি লৈ যীচু ক্ৰুচত মৃত্যু হ’ল! ঈশ্বৰে, যীচুৰ মৃত্যুত গোটেই জগতৰ পাপ মোচনৰ উপায় দিলে। ১ যোহন ২:২ কৈছে, “তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত; কেৱল আমাৰে নহয়, গোটেই জগতৰো”। পাপ আৰু মৃত্যুৰ ওপৰত তেওঁৰ জয়যুক্ততা ঘোষণা কৰি যীচু মৃত্যুৰ পৰা উঠিল(১ কৰিন্থীয়া ১৫:১-২৮)। প্ৰভুৰ প্ৰশংসা হওক, যীচু খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি, ৰোমীয়া ৬:২৩ দ্বিতীয় ভাগ সঁচা, “…কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন।”

আপুনি আপোনাৰ পাপবোৰৰ ক্ষমা বিচাৰেনে? আপোনাৰ সদায়ে দোষী অনুভৱ হয়নে যে আপুনি ইয়াৰ পৰা ওলাই আহিব নোৱাৰে? পাপৰ ক্ষমা অছে যাদিহে আপুনি যীচু খ্ৰীষ্টৰ ওপৰত ত্ৰাণকৰ্তাহিচাপে আস্থা আছে। ইফিচীয়া ১:৭ কৈছে, “সেই প্ৰিয় জনাত আমি, তেওঁৰ তেজৰ দ্বাৰাই, মুক্তি, অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহৰূপ ধনৰ দৰে পালো।” যীচুৱে আমাৰ ধাৰ পৰিশোধ কৰিলে, সেয়ে আমি ক্ষমা লভিব পাৰো। আপুনি কেৱল ঈশ্বৰক ক’ব লাগে যীচুৰ যোগেদি ক্ষমা পাবৰ বাবে। বিশ্বাস কৰক যে যীচু আপোনাৰ পাপ ক্ষমাৰ বাবে মৃত্যু হ’ল- আৰু তেৱেঁই আপোনাক ক্ষমা কৰিব। যোহন ৩:১৬-১৭ এই আচৰিত বাণী আছে, “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতৰ সোধ-বিচাৰ কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে।”

ক্ষমা- ই প্ৰকৃততে তেনে সহজনে?

হয়, ই সহজ। আপুনি ঈশ্বৰৰপৰা ক্ষমা আৰ্জিব নোৱাৰে। আপুনি ঈশ্বৰৰ পৰা ক্ষমাৰ বাবে বেচ দিব নোৱাৰে। আপুনি কেৱল ইয়াক পাৰে, বিশ্বাসৰ দ্বাৰাই, ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহৰ যোগেদি। যদি আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তাহিচাপে গ্ৰহণ কৰিব বিচাৰে আৰু ঈশ্বৰৰ পৰা ক্ষমা পাব বিচাৰে, এই প্ৰাৰ্থনা আপুনি কৰিব পাৰে। প্ৰাৰ্থনা ক’লেই বা আন প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচু খ্ৰীষ্টক বিশ্বাস কৰিহে পাপ ক্ষমা পাব। এই প্ৰাৰ্থনা কেৱল আপুনি যে ঈশ্বৰক বিশ্বাস কৰিছে তাকহে প্ৰকাশ কৰিছে আৰু আপোনাক ক্ষমা দিয়াৰ বাবে আপুনি তেওঁক ধন্যবাদ দিয়ক। “ঈশ্বৰ, মই জানো যে মই আপোনাৰ বিৰুদ্ধে পাপ কৰিলো আৰু অনন্ত শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচু খ্ৰীষ্টই মই পাবলগীয়া শাস্তি ল’লে আৰু সেয়েহে তেওঁক বিশ্বাস কৰাৰ যোগেদি যে মোৰ ক্ষমা হ’ব পাৰে। মোৰ পৰিত্ৰাণৰ বাবে আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। তোমাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ জনাওঁ! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

ক্ষমা লাভ কৰিছেনে? মই ঈশ্বৰৰ পৰা কেনেকৈ ক্ষমা লাভ কৰিম?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries