settings icon
share icon
প্রশ্ন

বইবেলে সমকামিতাৰ বিষয়ে কি কয়? সমকামিতা পাপ নে?

উত্তৰ


বাইবেলে সঘনাই কৈছে যে সমকামিতা কাৰ্য পাপ(আদিপুস্তক ১৯:১-১৩; লেবীয়া ১৮:২২; ৰোমীয়া ১:২৬-২৭; ১ কৰিন্থীয়া ৬:৯)। ৰোমীয়া ১:২৬-২৭ পদে নিৰ্দিষ্টকৈ শিকাই যে সমকামিতা ঈশ্বৰক অস্বীকাৰ কৰা আৰু অবাধ্য হোৱাৰ পৰিণতি। যেতিয়া মানুহে পাপ আৰু অবিশ্বাসতে থকে, ঈশ্বৰে ততোধিক দুষ্টতা আৰু কলুষিত পাপলৈ “তেওঁলোকক শোধাই দিয়ে” যাতে তেওঁলোকক ঈশ্বৰৰ অবিহনে জীৱনত নিৰাশা আৰু অসাৰতা দেখুৱাব পাৰে। ১ কৰিন্থীয়া ৬:৯ পদত ঘোষণা কৰিছে যে সমকামী “অপৰাধী”য়ে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।

ঈশ্বৰে কোনো মানুহকে সমকামী অভিলাষ থকাকৈ সৃষ্টি নকৰে। বাইবেলে কৈছে যে পাপৰ বাবে মানুহ সমকামী হয়(ৰোমীয়া ১:২৪-২৭) আৰু তেওঁলোকৰ ইচ্ছাতে হয়। কোনো হয়তো অধিক সহজে সমকামী হোৱাকৈ জন্মিব পাৰে আৰু আন হিংসাত্মক অৰু পাপৰ প্ৰতি প্ৰৱণতা থকিব পৰে। সেইটোৱে মানুহজনক ৰেহাই নিদিয়ে যে তেওঁ পাপৰ অভিলাষ কৰিবলৈ বাচি ল’ব। যদি কোনো মানুহ অধিক খং কৰা স্বভাৱলৈ জন্মে, সেইটোৱে তেওঁক তেনে কৰিবলৈ অধিকাৰ দিয়েনে? অৱশ্যে নহয়। সমাকামিতাৰ ক্ষেত্ৰতো একে সত্য।

অৱশ্যে বাইবেলে সমকামিতা ইবিলাক পাপতকৈ “অধিক ডাঙৰ পাপ” বুলি নকয়। সকলো পাপ ঈশ্বৰৰ বিৰুদ্ধে। সমকমিতা কেৱল ১ কৰিন্থীয়া ৬:৯-১০ত দিয়া তালিকা এটা যিটোৱে মানুহজনক ঈশ্বৰৰ ৰাজ্যৰ পৰা আঁতৰাই ৰাখিব। বাইবেল অনুযায়ী, সমকামীৰ প্ৰতি ঈশ্বৰৰ ক্ষমা পোৱা যায়, যেনেকৈ ব্যভিচাৰী, মূৰ্তি পূজন, নৰবধী, চোৰ আদিৰ বাবেও। ঈশ্বৰে যিসকলে পৰিত্ৰাণৰ বাবে যীচু খ্ৰীষ্টক বিশ্বাস কৰে সেইসকলৰ সমকামিতাসহ পাপৰ ওপৰত জয়ী হোৱাৰ প্ৰতিজ্ঞাও কৰিছে(১ কৰিন্থীয়া ৬:১১; ২ কৰিন্থীয়া ৫:১৭; ফিলীপীয়া ৪১৩)।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

বইবেলে সমকামিতাৰ বিষয়ে কি কয়? সমকামিতা পাপ নে?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries