settings icon
share icon
প্রশ্ন

বাইবেলে আন্তঃবৰ্ণ বিবাহৰ বিষয়ে কি কয়?

উত্তৰ


ইস্ৰায়েলসকলক পুৰণি নিয়মৰ বিধানে আন্তঃবৰ্ণ বিবাহ পাশত আবদ্ধ নহ’বলৈ আদেশ দিছে(দ্বিতীয় বিবৰণ ৭:৩-৪)। অৱশ্যে এই কাৰণটো গাৰ ৰঙ বা জতীয়তাৰ বাবে নহয়। বৰং এইটো ধৰ্মীয়। আন জাতিবিলাকে মিছা দেৱতা উপাসনা কৰাৰ বাবে যিহুদীসকলক তেওঁলোকৰ লগত বিবাহ নহবলৈ নিৰ্দেশ দিছিল। ইস্ৰায়েলসকলক ঈশ্বৰৰ পৰা বিপথে নিব যদি তেওঁলোকে মূৰ্তিপূজক, পৰজাতিসকলৰ লগত বিবাহ হয়। মলাখী ২:১১ অনুযায়ী ইস্ৰায়েলসকলৰ ঠিক তেনেদৰে হৈছিল।

নতুন নিয়মত একে ধৰণৰ নীতি আছে, কিন্তু ই জাতিৰ লগত একো কথা নাই: “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোকে অসমানভাৱে জোঁটা নহ’বা; কিয়নো ধাৰ্মিকতা আৰু অধৰ্ম পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সম্বন্ধ?” ( ২ কৰিন্থীয়া ৬:১৪)। ঠিক ইস্ৰায়েলসকলৰ দৰে(বিশ্বাসীসকল এক সত্য ঈশ্বৰত) অবিশ্বাসীসকলৰ লগত বিবাহ হ’বলৈ মানা কৰিছে। বাইবেলে কেতিয়াও কোৱা নাই যে আন্তঃবৰ্ণ বিবাহ ভুল। কোনোৱে অন্তঃবৰ্ণ বিবাহত হকাবাধা দিয়া মানে বাইবেলৰ কৰ্তৃত্বহীন ভাবে কৰিছে।

মাৰ্থিন লুথাৰ কিং জুনিয়ৰে লক্ষ্য কৰাৰ দৰে, এজন মনুহক তেওঁৰ চৰিত্ৰৰ দ্বাৰা বিচাৰ কৰিব লাগে, গাৰ বৰণ অনুযায়ী নহয়। জাতিৰ ওপৰত ভিত্তি কৰি পক্ষপাত কৰা খ্ৰীষ্টীয় জীৱনত নাথাকে(যাকোব ২:১-১০)। দৰাচলতে, বাইবেলৰ দৃশ্য হৈছে এটা “জাতি”- মানৱ জাতি, সকলোৱেই আদম-হৱাৰ বংশধৰ। যেতিয়া জীৱনসংগী নিৰ্বাচন কৰা হয়, এজন খ্ৰীষ্টীয়ানে বিচাৰিব লাগিব যে ইজন যীচু খ্ৰীষ্টক বিশ্বাস কৰি যদি নতুন জন্ম পোৱা হয়(যোহন ৩:৩-৫)। আন্তঃবৰ্ণ বিবাহ এটা অধিকাৰৰ কথা বা ভুল নহয়, কিন্তু ই জ্ঞান, পৰীক্ষা কৰা আৰু প্ৰাৰ্থনাৰ কথাহে।

বিবাহৰ বাবে চিন্তা কৰা এটি যুগলে বহুতো দিশ বিচাৰি চোৱাৰ প্ৰ্য়োজন। যেতিয়া গাৰ বৰণৰ পাৰ্থক্য আওকাণ কৰিব নালাগে, এইটো চূড়ান্ত নিৰ্ণায়কৰ দিশ হ’ব নালাগে যে যুগলটোৰ বিবাহ হ’ব নে নহ’ব। এটা অন্তঃবৰ্ণ যুগলে বৈষম্য আৰু ঠাট্টাৰ সন্মুখিন হ’ব পাৰে, আৰু তেওঁলোকে তেনে ভুল ধাৰণাৰ প্ৰতি বাইবেল সন্মত উত্তৰ দিবলৈ যুগুত থাকিব লাগিব। “কাৰণ যিহুদী কি গ্ৰীক, ইয়াৰ একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে”(ৰোমীয়া ১০:১২)। এটা ৰঙান্ধ মণ্ডলী আৰু আন্তঃবৰ্ণ বিবাহ আমাৰ খ্ৰীষ্টীয় গুণৰ শক্তিশালী উদাহৰণ হ’ব পাৰে।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

বাইবেলে আন্তঃবৰ্ণ বিবাহৰ বিষয়ে কি কয়?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries