settings icon
share icon
প্রশ্ন

যীচু ঈশ্বৰনে? যীচুৱে কেতিয়াবা ঈশ্বৰ বুলি দাবী কৰিছিলনে?

উত্তৰ


বাইবেলত যীচুৱে “মই ঈশ্বৰ” বুলি মূল্যৱান বাণী কেতিয়াও লিখি ৰখা নাই। অৱশ্যে তাৰমানে এইটো নহয় যে, তেওঁ ঈশ্বৰ বুলি দাবী কৰা নাছিল। উদাহৰণস্বৰূপে যোহন ১০:৩০ যীচুৰ বাক্য, “মই আৰু মোৰ পিতৃ এক”। আমি কেৱল তেওঁ ঈশ্বৰ বুলি দাবী কৰা বাক্যটিৰ প্ৰতি যিহুদীসকলৰ প্ৰতিক্ৰিয়া লক্ষ কৰিব লাগে। তেওঁলোকে এই বাবে তেওঁলৈ শিল দলিয়াব বিচাৰিছিল। “…তুমি মানুহ হৈয়ো, ঈশ্বৰ বুলি দাবী কৰিছা”(যোহন ১০:৩৩)। যিহুদীসকলে বুজি পাইছিল যীচুৱে দৰাচলতে যি দাবী কৰিছিল- ঈশ্বৰত্ব। লক্ষ কৰিব যে যীচুৱে কেতিয়াও ঈশ্বৰ বুলি দাবী কৰাটো অস্বীকাৰ কৰা নাছিল। যেতিয়া যীচুৱে ঘোষণা কৰিছিল, “মই আৰু মোৰ পিতৃ এক”(যোহন ১০:৩০), তেওঁ কৈছিল যে তেওঁ আৰু তেওঁৰ পিতৃ একে প্ৰকৃতি আৰু উপাদানৰ। যোহন ৮:৫৮ আন এটা উদাহৰণ। যীচুৱে ঘোষণা কৰিছিল, “যীচুৱে তেওঁলোকক ক’লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, অব্ৰাহামৰ জন্মৰ অগৰে পৰ মই আছোঁ”। এই কথাৰ বাবে যীচুৱে ঈশ্বৰ নিন্দা কৰিছে বুলি তেওঁলৈ শিল দলিয়াব বিচাৰিছিল, যেনেকৈ মুচিৰ বিধানত তেওঁলোকক আদেশ দিয়া আছে(লেবীয়া ২৪:১৫)।

যোহনে যীচুৰ ঈশ্বৰত্বৰ ধাৰণাটো দোহাৰিছে, “বাক্যই স্বয়ং ঈশ্বৰ” আৰু “বাক্য মাংস হ’ল”(যোহন ১:১,১৪)।

এই পদবিলাকে স্পষ্টকৈ বুজাইছে যে যীচু মাংসত ঈশ্বৰ। পাঁচনিৰ কৰ্ম ২০:২৮ কৈছে, “ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপালন কৰা”। কোনে মণ্ডলী কিনিলে- ঈশ্বৰৰ মণ্ডলী- তেওঁৰ নিজৰ তেজেৰে? যীচু খ্ৰীষ্টই। পাঁচনিৰ কৰ্ম ২০:২৮ ঘোষণা কৰিছে যে ঈশ্বৰে তেওঁৰ মণ্ডলী কিনিলে তেওঁৰ নিজৰ তেজেৰে। সেইবাবে, যীচু ঈশ্বৰ!

শিষ্য থোমাই যীচুৰ বিষয়ে কৈছিল, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ”(যোহন ২০:২৮)। যীচুৱে তেওঁক শুধৰুৱা নাছিল। তীত ২:১৩ আমাক আমাৰ প্ৰভু ঈশ্বৰৰ আগমনৰ বাবে অপেক্ষা কৰিবলৈ উদ্‌গনি দিছে, সেয়ে যীচু খ্ৰীষ্ট(চাওক ২ পিতৰ ১:১)। ইব্ৰী ১:৮, পিতৃয়ে যীচুৰ বিষয়ে কৰা ঘোষণা, “কিন্তু পুত্ৰৰ উদ্দেশ্যে হ’লে কয়; হে ঈশ্বৰ, তোমাৰ সিংহাসন সদাকালস্থায়ী, তোমাৰ ৰাজদণ্ড সৰলতাৰ ৰাজদণ্ড।” পিতৃয়ে যীচুৰ বিষয়ে কয় “হে ঈশ্বৰ” দেখুৱাইছে যে যীচু প্ৰকৃততে ঈশ্বৰ।

প্ৰকাশিত বাক্যত, এজন স্বৰ্গদূতে পাঁচনি যোহনক ঈশ্বৰক সেৱা কৰিবলৈ শিক্ষা দিছিল(প্ৰকাশিত বাক্য ১৯:১০)। শাস্ত্ৰত যীচুৱে কেবাবাৰো সেৱা গ্ৰহণ কৰে(মথি ২:১১,১৪:৩৩,২৮:৯,১৭; লূক ২৪:৫২; যোহন ৯:৩৮)। মানুহে তেওঁক সেৱা কৰাত ডাবি দিয়া নাছিল। যীচু ঈশ্বৰ নোহোৱা হ’লে, তেওঁ মানুহবিলাকক তেওঁৰ সেৱা কৰিবলৈ মানা কৰিলহেঁতেন, যেনেকৈ প্ৰকাশিত বাক্যত এজন স্বৰ্গদূতে কৰাৰ দৰে। বাইবেলত বহুতো পদ আৰু অংশ আছে যিবিলাকে যীচুৰ ঈশ্বৰত্বৰ যুক্তি দৰ্শায়।

যীচু ঈশ্বৰ হোৱাৰ আটাইতকৈ দৰকাৰী যুক্তিটো হৈছে যে তেওঁ ঈশ্বৰ নোহোৱা হ’লে, তেওঁৰ মৃত্যু জগতৰ পাপৰ শাস্তিৰ বেচ যথেষ্ট নহ’লহেঁতেন(১ যোহন ২:২)। এজন সৃষ্টি হোৱা ব্যক্তি, যিজন যীচু তেওঁ ঈশ্বৰ নোহোৱা হ’লে, এজন অনন্ত ঈশ্বৰৰ বাবে পাপৰ সীমাহীন শাস্তিৰ মূল্য দিব নোৱাৰিলহেঁতেন। কেৱল ঈশ্বৰে জগতৰ পাপ ল’ব পাৰে(২ কৰিন্থীয়া ৫:২১), মৃত্যু আৰু পুনৰুত্থানে প্ৰমাণ কৰিলে পাপ আৰু মৃত্যুৰ ওপৰত তেওঁৰ জয়যুক্ততা।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

যীচু ঈশ্বৰনে? যীচুৱে কেতিয়াবা ঈশ্বৰ বুলি দাবী কৰিছিলনে?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries