প্রশ্ন
ইছলাম আৰু ঈছাইৰ মাজত কি সম্পৰ্ক আছে?
উত্তৰ
মানুহে প্ৰায়েই তেওঁলোকৰ পিতৃ-মাতৃৰ ধর্ম বা সংস্কৃতি পালন কৰে।মুছলমান, বৌদ্ধ, কেথলিক- সকলোৱে।কিন্তু যেতিয়া শেষ বিচাৰৰ দিনা আল্লাৰ আগত থিয় হম, সিদিনা প্রত্যেকেই আল্লাহৰ সত্যতা বিশ্বাস কৰা-নকৰাৰ ওপৰত নিজৰ নিজৰ কৈফিয়ত দিব লাগিব।এই সকলো ধর্মৰ মাজত সত্যটো কি? ঈছাই কৈছিল, "ময়েই পথ, সত্য আৰু জীবন। মোৰ যোগেৰে নহলে কোনেও আব্বাৰ ওচৰত যাব নোৱাৰে।"(যোহন ১৪:৬)
প্ৰকৃত ঈছায়ী এজনে ঈছাক অনুসৰণ কৰে। ঈছাই কিয় দাবী কৰিব পাৰিছিল যে তেৱেঁই আব্বা আল্লাহৰ ওচৰত যোৱাৰ একমাত্ৰ পথ? আহক, আমি কিতাবুল মোকদ্দছৰ পৰা তাক বিচাৰো।
ঈছাৰ জন্ম, মৃত্যু আৰু পুনৰুত্থান।
কিতাবুল মোকদ্দছত পাওঁ, ঈছাই কুমাৰী মৰিয়মৰ গৰ্ভত জনম লই সকলো নবুয়ত পৰিপূৰ্ণ কৰিছি। দূনিয়াৰ আন সকলো মানুহতকৈ তেওঁৰ জীৱন আছিল বেলেগ, কাৰণ তেওঁ কেতিয়াও গুণাহ কৰা নাছিল।(১ পিতৰ ২:২২)। জনসাধাৰণে তেওঁৰ শিক্ষা শুনিবলৈ ভিৰ কৰিছিল আৰু তেওঁৰ আচঁৰিত কৰ্মৰ শলাগ লৈছিল। ঈছাই ৰোগীক সুস্থ কৰিছিল, মৃতকক জীয়াই তুলিছিল আৰু পানীৰ ওপৰত খোজ কাঢ়িছিল।
সকলো মানুহৰ মাজত ঈছাই মৃত্যু যোগ্য কোনো কাম কৰা নাছিল। কিন্তু তেওঁ আগমবাণী কৈছিল যে তেওঁক সলীবত দি মাৰা হব আৰু মৃত্যুৰ পৰা পুনৰুত্থিত হব। (মথি ২০:১৮-১৯)। তেওঁৰ বাণী সচাঁ হৈছিল। সৈন্যবিলাকে ঈছাক কোবাইছিল আৰু কাইটৰ মুকুট তেওঁৰ মূৰত দিছিল, মানুহে তেওঁক ঠাট্টা কৰি মুখত থুৱাইছিল, কাঠৰ সলীৱত দি হাত আৰু ভৰিত গজাল মাৰিছিল। ঈছাই নিজকে বচোৱাৰ ক্ষমতা আছিল, কিন্তু তেওঁ নিজকে শোধাই দি সলীৱত জান কোৰবাণী দিছিল। (ইউহোন্না ১৯:৩০) তৃতীয় দিনা ঈছা কবৰৰ পৰা পুনৰুত্থিত হৈছিল।
সলীৱ কিয়?
মুছলনান হিচাবে আপুনি শুধিব পাৰে, ´কিয় আল্লাহে তেওঁৰ ৰছুলক অপমানিত মৃত্যু হবলৈ দিলে?... সলীৱত ঈছাৰ মওতৰ প্ৰয়োজন আছিল, কাৰণ....
• সকলো মানুহেই গুণাহগাৰ: “কাৰণ সকলোৱে গুণাহ কৰছে আৰু আল্লাহৰ ৰহমতৰ পৰা বন্চিত হৈছে।” (ৰোমীয় ৩:২৩)। পিতৃ-মাতৃক অপমান কৰিয়েই হওক, মিছা কথা কৈয়েই হওক, আল্লাহ ও তেওঁৰ কালাম অসন্মান কৰিয়েই হওক—আমি সকলোৱেই আল্লাহৰ বিৰুদ্ধে গুণাহ কৰিছো।
• গুণাহৰ শাস্তি হৈছে মওত। (ৰোমীয় ৬:২৩ক) “আল্লাহে গুণাহগাৰ সকলক তেওঁৰ পৰা পৃথক কৰি চিৰদিনৰ কাৰণে দোজখত দিয়ে” (২ থিচলনীকিয়া ১:৮-৯)। ন্যয় বিচাৰক হিচাবে তেওঁ গুণাহগাৰৰ বিচাৰ কৰিবই লাগিব।
আমি ভাল কাম কৰি নিজকে বচাব নোৱাৰো। “অনুগ্ৰহেৰে বিশ্বাসৰ ফলত তোমালোকে নাজাত পাইছা—তোমালোকৰ কৰ্মৰ পৰা নহয়—এয়া আল্লাহৰ ৰহমত, যেন কোনেও গৰ্ব কৰিব নোৱাৰে।”(ইফিচীয়া ২:৮-৯) এয়াই ইছলাম আৰু ঈছায়ী ঈমানৰ মূল পাৰ্থক্য। ইছলামৰ মতে কৰ্ম্ম বা পাঁচটা ভেটী পালনৰ যোগেদি নাজাত পাব পাৰি। ভাল কৰ্ম্মৰে বেয়া কৰ্ম্ম ঢাকিব পাৰিলেও, কিতাবুল মোকদ্দছৰ মতে, “আমাৰ সকলো ধাৰ্ম্মিক কৰ্ম্মই ফটা কানিৰ নিচিনা।”(ইশায়া ৬৪:৬খ) এটা গুণাহেই মানুহক আল্লাহৰ শ্বৰীয়ত ভঙ্গাৰ অপৰাধী কৰে।(ইয়াকুব ২:১০) গুণাহগাৰ মানুহে কোনো কৰ্ম্মেৰে আল্লাহৰ বেহেস্থত যাব নোৱাৰে।
গুণাহগাৰসকলৰ কাৰণে আল্লাহই তেওঁৰ একমাত্ৰ পুত্ৰক উৎৰ্সগ কৰিছিল। “আল্লাই জগতক ইমান মোহব্বত কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যাতে যিকোনোৱে তেওঁৰ ওপৰত ঈমান আনে, তেওঁ নস্ট নহয়, কিন্তু বেহেস্থী জীৱন পায়।” (ইউহোন্না ৩:১৬)। আল্লাহই জানিছিল যে, গুণাহৰ কাৰণেই মানুহে আল্লাহৰ বেহেস্থৰ পৰা আতঁৰি আছে। আল্লাহই জানিছিল যে, গুণাহৰ কাফফাৰা দিবলৈ এজন পৱিত্ৰ মানুহৰ তেজ লাগিব। আল্লাহই জানিছিল যে একমাত্ৰ তেৱেই সেই পবিত্ৰ মুল্য দিব পাৰে। তেওঁৰ একমাত্ৰ পুত্ৰ ঈছা মছীহক পঠাই গুণাহগাৰসকলৰ কাৰণে নিজৰ জীৱন কোৰবাণ হোৱাটোই আল্লাহৰ অনন্তকলীয়া পৰিকল্পনা আছিল।
ঈছা মছীহক কবুল কৰি নাজাতপ্ৰাপ্ত হোৱা
“ঈছা মছীহক কবুল কৰা, তাতে তুমি নাজাত পাবা”(প্রেরিত ১৬:৩১খ)।
মুছলমান হিচাবে, আপুনি হয়তো কব, “অ, মই ঈছা মছীহক বিশ্বাস কৰো। মই বিশ্বাস কৰো যে ঈছা মছীহ এজন বিখ্যাত নবী আৰু এজন ভাল মানুহ আছিল।”
কিন্তু ঈছা মছীহ এজন সত্য গুৰু আছিল—এই কথা কই তেওঁৰ শিক্ষা, ‘ময়েই একমাত্ৰ পথ, সত্য আৰু জীৱন’ (ইউহোন্না ১৪:৬) ইয়াক অশ্বীকাৰ কৰিব নোৱাৰে। ‘ঈছা মছীহ এজন বিখ্যাত নবী আছিল’ এইষাৰ আপুনি বিশ্বাস কৰিব নোৱাৰে, যদিহে তেওঁৰ ‘মৃত্যু ও পুনৰুত্থিত হোৱা’ৰ ভাৱবাণী অশ্বীকাৰ কৰে।(লূক ১৮:৩১-৩৩)। “ঈছা মছীহ এজন সত্য গুৰু আছিল” এয়াষাৰ বিশ্বাস কৰি, তেওঁ যে আল্লাহৰ পুত্ৰ—ইয়াক অশ্বীকাৰ কৰিব নোৱাৰে।(লূক ২২:৭০; ইউহোন্না ৫:১৮-৪৭)।
ঈছায়ী ঈমান সকলো ধৰ্ম্মৰ উৰ্দ্ধত (প্রেরিত ৪:১২)—এইষাৰ অনুধাৱন নকৰাকৈ আপুনি ঈছায়ী হব নোৱাৰে। ঈছায়ী ঈমানৰ এৰাব নোৱাৰা সামৰণি হল: হয় ঈছাই আপোনাৰ গুণাহ সলীবৰ ওপৰত বহন কৰে নাইবা দোজখত আপুনি আপোনাৰ গুণাহ বহন কৰে। “যিকোনোৱে তেওঁৰ ওপৰত ঈমান আনে, তেওঁৰ অনন্ত জীৱন আছে, কিন্তু যিকোনোৱে তেওঁৰ ওপৰত ঈমান নানিলে, তেওঁ বেহেস্থী জীৱন নাপায়। আল্লাহৰ গজব তেওঁৰ ওপৰত থাকে।”(ইউহোন্না ৩:৩৬)।
কিতাবুল মোকদ্দছত বিচাৰি চাওঁক, গুণাহৰ পৰা ঘূৰি ঈছা মছীহত ঈমান আনিবলৈ আল্লাহে আপোনাৰ অন্তৰ খুলি দিয়ক। তলৰ মোনাজাতটি ব্যৱহাৰ কৰিব পাৰে, অৱশ্যে অকল মোনাজাতেই নাজাত নিদিয়ে। আল্লাহে আপোনাক নাজাত দিয়ে। এই মোনাজাতটি হৈছে ঈছা মছীহত ঈমান অনাৰ আপোনাৰ নিজস্য অভিব্যক্তি।
“হে আল্লাহ, মই অনুতপ্ত যে মই আপোনাৰ অহিতে গুনাহ কৰিছো। গুনাহগাৰ হিচাবে মই দোজখৰ যোগ্য। কিন্তু মই ঈমান আনিছো যে মোৰ গুনাহৰ বাবে আপুনি ঈছা মছীহক পঠাইছি—যিয়ে সলীৱত মৃত্যু বৰণ কৰি তৃতীয় দিনা কবৰৰ পৰা উঠিছিল। এতিয়া মই নিজৰ গুনাহ স্বভাৱৰ কর্মেৰে বেহেস্তত যাব পৰা পৰিকল্পনা ত্যাগ কৰিছোঁ। মই ঈছা মছীহৰ ওপৰত নাজাতদাতা ৰুপে ঈমান আনিছোঁ। মই আপোনাক ভাল পাওঁ আৰু আপোনাৰ কালাম অনুসৰী আপোনাকেই অনুসৰণ কৰিম বুলি নিজকে শোধাই দিছোঁ, হজৰত ঈছা-আল-মছীহৰ নামত, আমেন।”
আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।
English
ইছলাম আৰু ঈছাইৰ মাজত কি সম্পৰ্ক আছে?