প্রশ্ন
ঈশ্বৰৰ অস্তিত্ব আছেনে? ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ আছেনে?
উত্তৰ
ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ কৰিব পাৰি বা নোৱাৰি। বাইবেলে কৈছে যে আমি নিশ্চয় ঈশ্বৰ আছে বুলি বিশ্বাস কৰিব লাগিব: “কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে”(ইব্ৰী ১১:৬)। যদি ঈশ্বৰে ইচ্ছা কৰে, গোটেই জগতকে তেওঁ আছে বুলি দেখা দিব পাৰে আৰু প্ৰমাণ কৰিব পাৰে। কিন্তু তেওঁ তেনে কৰিলে, বিশ্বাসৰ প্ৰয়োজন নহ’ব। “যীচুৱে তেওঁক ক’লে, মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছা। যিবিলাকে নেদেখিও বিশ্বাস কৰে, তেওঁবিলাকেই ধন্য”(যোহন ২০:২৯)।
অৱশ্যে, তাৰমানে এইটো নহয়, যে ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ নাই। বাইবেলে কৈছে,” গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। দিনে দিনৰ আগত কথা কয়; ৰাতিয়ে ৰাতিৰ আগত জ্ঞান প্ৰচাৰ কৰে। বাক্য নাই ভাষাও নাই; তাৰ মাত শুনা নাযায়। তাৰ পৰিমাণ-জৰী গোটেই পৃথিৱীলৈ ওলাই গ’ল; তাৰ বাক্য জগতৰ সীমালৈকে ব্যাপি গ’ল; তেওঁ তাৰ মাজত সূৰ্যৰ নিমিত্তে তম্বু স্থাপন কৰিলে”(গীতমালা ১৯:১-৪)। তৰাবোৰলৈ চাই, বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা বুজি, প্ৰকৃতিৰ আচৰ্যবিলাক নিৰীক্ষণ কৰি, সূৰ্যাস্তৰৰ সৌন্দৰ্য দেখি- এই সকলোৱে এজন সৃষ্টিকৰ্তা ঈশ্বৰক দেখুৱায়। এইবিলাক যদি যথেষ্ট নহয়, আমাৰ হৃদয়তো তেওঁৰ প্ৰমাণ আছে। উপদেশক ৩:১১ আমাক কৈছে, “তেওঁ মানুহবিলাকৰ হৃদয়ত অনন্ত কালো ৰাখিছে।” আমাৰ গভীৰতাত স্বীকৃতি আছে যে এই জীৱনৰ উপৰি কিবা আছে আৰু এই পৃথিৱীৰ উপৰি কোনোবাজন আছে। আমি বুদ্ধিৰে এই জ্ঞান অস্বীকাৰ কৰিব পাৰোঁ, কিন্তু আমাত আৰু আমাৰ কেউফালে ঈশ্বৰৰ উপস্থিতি তেতিয়াও স্পষ্ট। তদুপৰি, বাইবেলে সাৱধান কৰোৱাই দিছে যে তেতিয়াও কিছুমানে ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰিব: “অজ্ঞানে নিজৰ মনতে ভাবে, ‘ঈশ্বৰ নাই”(গীতমালা ১৪:১)। যিহেতু ইতিহাসৰ মাধ্যমে অনেক মানুহে, সকলো সংস্কৃতিত, সকলো সভ্যতাত আৰু সকলো মহাদেশত কোনো ধৰণৰ ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰে, এই বিশ্বাস কৰিব পৰাত নিশ্চয় কিবা থাকিব লাগিব।
দ্বিতীয় যুক্তিটো হৈছে হেতুবিদ্যাৰ যুক্তি। হেতুবিদ্যাৰ যুক্তিয়ে কয় যিহেতু বিশ্বব্ৰহ্মাণ্ডখনে এটা আচৰিত নক্সা দেখুৱাই, নিশ্চয় নক্সা গঢ়োঁতা এজন থাকিব। উদাহৰণস্বৰূপে, যদি পৃথিৱীখন সূৰ্যৰ পৰা কেইশমান ওচৰ বা দূৰত হ’লহেঁতেন, এতিয়াৰ দৰে বহুতো জীৱকুল থাকিব নোৱাৰিলহেঁতেন। আনকি আমাৰ জলবায়ুৰ উপাদানবিলাক কেই শতাংশমান তাৰতম্য হোৱাহ’লে, প্ৰায় সকলো জীৱৰে মৃত্যু হ’লহেঁতেন। এটা সমান্য প্ৰ’টিন কণা গঠন হওঁতে ১০২৪ ভাগৰ ১ ভাগ( এটা ১০ৰ পিছত ২৪৩ শূন্য) বৈষম্য হ’লেও হ’ব। এটা কোষত লক্ষাধিক কণা থাকে।
ঈশ্বৰৰ অস্তিত্বৰ তৃতীয় ন্যায়সংগত যুক্তি হৈছে বিশ্বতাত্ত্বিক যুক্তি। প্ৰত্যেক কৰ্মফলৰ কাৰণ থাকিব লাগিব। এই বিশ্বব্ৰহ্মাণ্ডখন আৰু ইয়াত থকা সকলো বস্তুৱেই এটা কৰ্মফল। বস্তুবিলাক যে হ’ল তাৰ কিবা কাৰণ নিশ্চয় থাকিব লাগিব। মুঠতে কিবা অকাৰণ থাকিব লাগিব যাতে সেই কাৰণেই সকলো হ’ল। সেই অকাৰণ কাৰণেই ঈশ্বৰ।
চতুৰ্থ যুক্তিটো নৈতিক যুক্তি বুলি জনা যায়। ইতিহাসত প্ৰত্যেক সংস্কৃতিত কোনো ধৰণৰ বিধান আছে। প্ৰত্যেকৰে ভাল-বেয়াৰ জ্ঞান আছে। নৰবধ, মিথ্যাচাৰ, চুৰি আৰু অনৈতিকতা সাৰ্বজনীনভাৱে অগ্ৰাহ্য কৰা হয়। যদি এজন পবিত্ৰ ঈশ্বৰৰ পৰা নহয় তেন্তে ক’ৰপৰা এনে ভাল-বেয়াৰ জ্ঞান আহিব?
এই সকলোবিলাৰ উপৰি, বাইবেলে আমাক কৈছে যে মানুহে স্পষ্ট আৰু অনস্বীকাৰ্য ঈশ্বৰৰ জ্ঞান অস্বীকাৰ কৰিব আৰু তাৰ পৰিৱৰ্তে মিছাত বিশ্বাস কৰিব। ৰোমীয়া ১:২৫ কৈছে, “সিহঁতে ঈশ্বৰৰ সত্যতাক মিছাৰে সলনি কৰিলে; আৰু সৃষ্টিকৰ্তাৰ সলনি সৃষ্ট বস্তুৰ আৰাধনা আৰু সেৱা কৰিলে; সেই সৃষ্টিকৰ্তা সৰ্বদায় ধন্য। আমেন।” বাইবেল এয়াও ঘোষণা কৰিছে যে মানুহবিলাকে ঈশ্বৰক বিশ্বাস নকৰাৰ বাবে ক্ষমা নাপাব: “কিয়নো, সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়, এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টিৰ কালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা দিছে”(ৰোমীয়া ১:২০)।
মানুহে ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰা বুলি দাবী কৰে কিয়নো এইয়া “বিজ্ঞানসন্মত নহয়” বা “কাৰণ কোনো প্ৰমাণ নাই”। আচল কাৰণটো হৈছে তেওঁলোকে এবাৰ ঈশ্বৰ আছে বুলি মানিলে, তেওঁলোকে ঈশ্বৰৰ ওচৰত জবাবদিহি হ’ব আৰু ঈশ্বৰৰ ক্ষমাৰ প্ৰয়োজন হ’ব(ৰোমীয় ৩:২৩,৬:২৩)। যদি ঈশ্বৰ আছে তেনেহ’লে আমি কৰা সকলো কাৰ্যৰ বাবে ঈশ্বৰৰ পৰাত জবাবদিহি হ’ব লাগিব। যদি ঈশ্বৰ নাই, তেতিয়া যি বিচাৰো সকলো কৰিব পাৰোঁ আৰু আমাৰ কাৰ্যৰ বাবে ঈশ্বৰৰ বিচাৰলৈ চিন্তা কৰিবলগীয়া নাই। সেয়েহে যিসকলে ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰে তেওঁলোকে পাকৃতিক বিৱৰ্তনৰ সূত্ৰ মানি চলে। এইটোৱে তেওঁলোকক বিকল্প সৃষ্টিকৰ্তা ঈশ্বৰক বিশ্বাস কৰোৱায়। ঈশ্বৰ আছে আৰু সৰ্বশেষত প্ৰতিজনেই জানে যে তেওঁ আছে। কিছুমানে খুব জোৰেৰে ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰে যিটো আচলতে ঈশ্বৰৰ অস্তিত্বৰ এটা য়ুক্তি।
আমি কেনেকৈ জানো ঈশ্বৰ আছে বুলি? খ্ৰীষ্টীয়ানহিচাপে, আমি জানো ঈশ্বৰ আছে আৰু প্ৰতি দিনে আমি তেওঁক কথা কওঁ। আমি তেওঁ কথা কোৱাটো কাণেৰে নুশুনো, কিন্তু আমি তেওঁৰ উপস্থিতি অনুভাৱ কৰোঁ, আমি তেওঁৰ পৰিচালনা অনুভৱ কৰো, আমি তেওঁৰ প্ৰেম জানো, আমি তেওঁৰ অনুগ্ৰহ কামনা কৰোঁ। আমাৰ জীৱনত ঘটা ঘটনাবিলাক আমি ঈশ্বৰৰ অবিনহে হৈছে বুলি বৰ্ণনা কৰিব নোৱাৰোঁ। ঈশ্বৰে আচৰিভাৱে আমাক পৰিত্ৰাণ কৰিলে আৰু জীৱন পৰিৱৰ্তন কৰিলে যাৰ বাবে ঈশ্বৰক আমি স্বীকাৰ নকৰাকৈ আৰু প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰোঁ। যিটো স্পষ্ট সেইটো যুক্তিৰে কাকো পতিয়ন নিয়াব নোৱাৰি। অৱশেষত, ঈশ্বৰৰ অস্তিত্ব নিশ্চয় বিশ্বাসেৰে গ্ৰহণ কৰিব লাগিব(ইব্ৰী ১১:৬)। ঈশ্বৰত বিশ্বাস কৰাটো অন্ধকাৰত খেপিওৱা নহয়; এইয়া হৈছে সুপৰিপাতি কোঠালৈ নিৰাপদ খোজ য’ত মানুহৰ বিশাল জনতা ইতিমধ্যেই আছে।
English
ঈশ্বৰৰ অস্তিত্ব আছেনে? ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ আছেনে?