settings icon
share icon
প্রশ্ন

পৰিত্ৰাণলৈ ৰোমীয়া বাট কি?

উত্তৰ


পৰিত্ৰাণলৈ ৰোমীয়া বাট হৈছে পৰিত্ৰাণৰ শুভবাৰ্তাৰ বাবে ৰোমীয়া পত্ৰৰ পদবিলাকৰ ব্যাখ্যা কৰা। ই হৈছে আমাক কিয় পৰিত্ৰাণ লাগে, কেনেকৈ ঈশ্বৰে পৰিত্ৰাণ দান কৰিছে, আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ আৰু পৰিত্ৰাণৰ ফল কি বুজিবলৈ ই এটা সৰল অথচ শক্তিশালী পদ্ধতি।

পৰিত্ৰাণলৈ ৰোমীয়া বাটৰ প্ৰথম পদটো হৈছে ৰোমীয়া ৩:২৩, “কিয়নো একো প্ৰভেদ নাই; কাৰণ সকলোৱে পপ কৰিলে, আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে।” আমি পাপ কৰিলো। আমি সকলোৱে ঈশ্বৰে অসন্তুষ্ট হোৱা কাম কৰিলো। নিৰ্দোষী কোনো নাই। ৰোমীয়া ৩:১০-১৮ত দিছে আমাৰ জীৱনত পাপ কেনেকুৱা দেখায়। পৰিত্ৰাণলৈ ৰোমীয়া বাটৰ দ্বিতীয় অংশ, ৰোমীয়া ৬:২৩ত পাপৰ পৰিণতিৰ বিষয়ে শিকাইছে- “কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন।” আমাৰ পাপৰ বাবে অৰ্জন কৰা শাস্তি হৈছে মৃত্যু। শাৰীৰিক মৃত্যু মাথোন নহয়, কিন্তু অনন্ত মৃত্যু!

পৰিত্ৰাণলৈ ৰোমীয়া বাটৰ তৃতীয় পদ লোৱা হৈছে য’ত ৰোমীয়া ৬:২৩ শেষ হৈছে, “কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন।” ৰোমীয়া ৫:৮ত ঘোষণা কৰিছে, “কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্বেই যেতিয়া আমি পাপী আছিলো, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।” যীচু খ্ৰীষ্ট আমাৰ বাবে মৰিল! যীচুৰ মৃত্যুৱে আমাৰ পাপৰ বেচ দিলে। যীচুৰ পুনৰুত্থানে প্ৰমাণ কৰিলে যে আমাৰ পাপৰ বেচহিচপে ঈশ্বৰে যীচুৰ মৃত্যু গ্ৰহণ কৰিলে।

পৰিত্ৰাণলৈ ৰোমীয়া বাটৰ চতুৰ্থ আস্থান হৈছে ৰোমীয়া ১০:৯, “কিয়নো তুমি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা।” আমাৰ বাবে যীচু মৃত্যু হোৱাত, আমি সকলোৱে তেওঁক বিশ্বাস কৰিব লাগিব, তেওঁৰ মৃত্যু আমাৰ পাপৰ বেচহিচাপে বিশ্বাস কৰিব লাগিব- তাতে আমি পৰিত্ৰাণ পাম! ৰোমীয়া ১০:১৩ত কৈছে, “কাৰণ যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।” আমাৰ পাপৰ শাস্তি লবলৈ আৰু আমাক অনন্ত মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ যীচু মৰিল। পৰিত্ৰাণ, পাপ ক্ষমা, যি কোনোৱেই পাব পাৰে যি যীচু খ্ৰীষ্টক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে।

পৰিত্ৰাণলৈ ৰোমীয়া বাটৰ শেষ দিশটো হৈছে পৰিত্ৰাণৰ ফলাফল। ৰোমীয়া ৫:১ত এই আচৰিত বাণী আছে, “এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে।” যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তিৰ সম্বন্ধ হ’ব পাৰে। ৰোমীয়া ৮:১ত শিকাইছে, “এই কাৰণে যীচু খ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নই।” আমাৰ বাবে যীচু মৃত্যু হোৱাত, আমাক কেতিয়াও আমাৰ পাপৰ বাবে দণ্ডাজ্ঞা কৰা নহ’ব। শেষতে ঈশ্বৰৰ পৰা আমাৰ এই বহুমূলীয়া প্ৰতিজ্ঞা আছে ৰোমীয়া ৮:৩৮-৩৯, “কিয়নো আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তনমান বা ভৱিষ্যত বিষয়, বা পৰাক্ৰম, ওপৰ বা তল, বা অন কোনো সৃষ্ট বস্তুৱেই অমাক বিচ্ছিন্ন কৰিব নোৱাৰে, মোৰ এনে দৃঢ় বিশ্বাস আছে।”

আপুনি পৰিত্ৰাণলৈ ৰোমীয়া বাট অনুসৰণ কৰিব নে? যদি কৰে, এইয়া এটা প্ৰাৰ্থনাৰ নমুনা। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পাপপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

পৰিত্ৰাণলৈ ৰোমীয়া বাট কি?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries