প্রশ্ন
বাইবেলে মদ/সুৰা খোৱাৰ বিষয়ে কি কয়? খ্ৰীষ্টীয়ানে মদ খোৱাটো পাপ নে?
উত্তৰ
মদ খোৱাৰ বিষয়ে শাস্ত্ৰই বহুতো ক’বলগীয়া আছে(লেবীয়া ১০:৯; গণনা পুস্তক ৬:৩; দ্বিতীয় বিবৰণ ২৯:৬; বিচাৰকৰ্তাবিলাক ১৩:৪,৭,১৪; হিতোপদেশ ২০:১;৩১:৪;যিচয়া ৫:১১, ২২:৯;২৮:৭;২৯:৯;৫৬:১২)। অৱশ্যে, শাস্ত্ৰই খ্ৰীষ্টীয়ানক বিয়েৰ বা আন যিকোনো সুৰাযুক্ত মদ খোৱাত বাধা দিয়া নাই। আনহাতে শাস্ত্ৰৰ কোনো কোনো অংশত ইতিবাচক অৰ্থত মদৰ বিষয়ে আলোচনা কৰিছে। উপদেশক ৯:৭ পদত এই শিক্ষা, “হৰ্ষিত মনেৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ।” গীতমালা ১০৪:১৪-১৫ পদত কৈছে যে ঈশ্বৰে দ্ৰাক্ষাৰস দিয়ে “মানুহৰ মন আনন্দিত কৰোঁতা দ্ৰাক্ষাৰস।” আমোচ ৯:১৪ পদত কৈছে, আপোনাৰ নিজৰ দ্ৰাক্ষাবাৰীৰ দ্ৰাক্ষাৰস পান কৰাটো ঈশ্বৰৰ অনুগ্ৰহৰ চিন। যিচয়া ৫৫:১ পদত উদ্গনি দিছে, “আহাঁ, দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা…”
মদ খোৱাৰ বিষয়ে ঈশ্বৰে খ্ৰীষ্টীয়ানক এয়ে আদেশ দিছে যে মতলীয়া নহওক(ইফিচীয়া ৫:১৮)। বাইবেলে মতলীয়া হোৱা আৰু ইয়াৰ প্ৰভাৱৰ বাবে দোষী কৰিছে(হিতোপদেশ ২৩:২৯-৩৫)। খ্ৰীষ্টীয়ানসকলক এইটোও আদেশ দিয়া হৈছে যে তেওঁলোকৰ শৰীৰ যিকোনোকে “প্ৰভুত্ব” কৰিবলৈ দিব নালাগে(১ কৰিন্থীয়া ৬:১২; ২ পিতৰ ২:১৯)। অতিপাত মদ্যপান কৰিলে নিশ্চয় নিচাসক্ত হয়। শাস্ত্ৰই খ্ৰীষ্টীয়ানৰ যি কাৰ্যই আন খ্ৰীষ্টীয়ানে উজুটি খাব পাৰে তেনে কাৰ্যৰ পৰাও বিৰত থাকিবলৈ কৈছে(১ কৰিন্থীয়া ৮:৯-১৩)। এই নীতিবিলাকৰ আলমত, এইটো কবলৈ বৰ টান যে খ্ৰীষ্টীয়ানে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে অতিৰিক্ত মদ্যপান কৰে( ১কৰিন্থীয়া ১০:৩১)।
যীচুৱে পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। এনে লাগে যে যীচুৱে নিজেও তেতিয়া দ্ৰাক্ষাৰস পান কৰিছিল(যোহন ২:১-১১, মথি ২৬:২৯)। নতুন নিয়মৰ সময়ত, পানী খুব পৰিষ্কাৰ নাছিল। আধুনিক আনাময় ব্যৱস্থাৰ অবিহনে, অনেক সময়ত পানীত বেক্টেৰীয়া, বীজানুৰে পৰিপূৰ্ণ, আৰু সকলো প্ৰকাৰে দুষিত হৈছিল। আজিও তৃতীয় বিশ্বৰ দেশসমূহত তেনে আছে। ফলস্বৰূপে, মানুহে বহুত সময় মদ খায়(দ্ৰাক্ষা ৰসৰ), কিয়নো দুষিত হোৱাৰ সম্ভাৱনা কম। ১ তীমথিয় ৫:২৩ পদত পৌলে তীমথিয়ক পানী খোৱা বন্ধ কৰি (যি কাৰণে সম্ভৱ তেওঁৰ পেটৰ বেমাৰ হৈছিল) তাৰ পৰিৱৰ্তে মদ খাবলৈ শিক্ষা দিছিল। সেই সময়ত মদ পকোৱা হৈছিল(সুৰাযুক্ত), কিন্তু আজিৰ দৰে কৰা হোৱা নাছিল। এইটো দ্ৰাক্ষাৰস বুলি কোৱাটো ভুল, কিন্তু একেদৰে এইয়া আজিকালি ব্যৱহাৰ কৰা মদৰ দৰে বুলি কোৱটোও ভুল। তদুপৰি শাস্ত্ৰই খ্ৰীষ্টীয়ানক বিয়েৰ,মদ, বা সুৰাযুক্ত কোনো পানীয় খাবলৈ মানা কৰা নাই। মদ, নিজে পাপৰ দ্বাৰা কলুষিত নহয়। মদেৰে মতলীয়া হোৱা আৰু নিচা হোৱাৰ পৰা খ্ৰীষ্টীয়ানে নিশ্চয় সম্পূৰ্ণকৈ আঁতৰি থাকিব লাগিব(ইফিচীয়া ৫:১৮; ১ কৰিন্থীয়া ৬:১২)।
সুৰা কম পৰিমাণে গ্ৰহণ কৰিলে, অনিষ্টকৰ বা নিচা নহয়। কথাটো হ’ল যে কিছুমান ডাক্তৰেও ভাল স্বাস্থ্যৰ বাবে বিশেষকৈ হৃদয়ৰ বাবে কম পৰিমাণে ৰঙা সুৰা খাবলৈ পৰামৰ্শ দিয়ে। কম পৰিমাণে মদ খোৱাটো খ্ৰীষ্টীয়ানৰ স্বাধীনতাৰ কথা। মতলীয়া হোৱা আৰু নিচাসক্ত হোৱাটো পাপ। তথাপি বাইবেলে কোৱা মদৰ আৰু ইয়াৰ পৰিণতি, আৰু কমকৈ বুলি বেছি খাবলৈ পৰীক্ষাত পৰা আৰু আনক ব্যাঘাট জন্মোৱা আৰু উজুটি খোৱা মূঢ়াৰ বাবে, খ্ৰীষ্টীয়ানে মদৰ পৰা আঁতৰি থকাটোৱেই উত্তম।
English
বাইবেলে মদ/সুৰা খোৱাৰ বিষয়ে কি কয়? খ্ৰীষ্টীয়ানে মদ খোৱাটো পাপ নে?