settings icon
share icon
প্রশ্ন

নতুন জন্ম হোৱা খ্ৰীষ্টীয়ান মানে কি বুজায়?

উত্তৰ


নতুন জন্ম হোৱা খ্ৰীষ্টীয়ান মানে কি বুজায়? বাইবেলত এই প্ৰশ্নৰ উত্তৰ দিয়া উৎকৃষ্ট অংশ হৈছে যোহন ৩:১-২১। প্ৰভু যীচু খ্ৰীষ্টই ফৰীচীবিলাকৰ এজন প্ৰধান আৰু মহাসভাৰ(যিহুদীসকলৰ শাসনৰ সভা) সদস্য নীকদীমৰ লগত কথা পাতিছে। নীকদীম ৰাতি যীচুৰ ওচৰলৈ কিছুমান প্ৰশ্ন লৈ আহিছিল।

যীচুৱে নীকদীমৰ সৈতে কথা পাতি থাকোঁতে, তেওঁ কৈছিল, “মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নপালে কোনেও ঈশ্বৰৰ দেখা পাব নোৱাৰে।’ নীকদীমে তেওঁক কলে, ‘মানুহ বুঢ়া হ’লে কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে?’ যীচুৱে উত্তৰ দিলে, ‘মই তোমাক অতি স্বৰূপকৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নপালে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। সাংসৰ পৰা যি জন্মে, সি মাংস; আৰু আত্মাৰ পৰা যি জন্মে, সি আত্মাই। নতুনকৈ তোমালোকৰ জন্ম হ’ব লাগে, মই যে তোমাক এই কথা ক’লো, ইয়াত বিস্ময় নামানিবা”(যোহন ৩:৩-৭)।

বাক্যাংশ “নতুন জন্ম” আক্ষৰিক অৰ্থত “ওপৰৰ পৰা জন্ম হোৱা।” নীকদীমৰ প্ৰকৃত প্ৰয়োজন আছিল। তেওঁৰ অন্তৰৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছিল- এটা আধ্যাত্মিক পৰিৱৰ্তন। নতুন জন্ম, ওপৰৰ পৰা জন্ম হোৱা, এটা ঈশ্বৰৰ কাৰ্য যাৰ দ্বাৰা বিশ্বাস কৰা জনলৈ অনন্ত জীৱন প্ৰদান কৰা হয়(২ কৰিন্থীয়া ৫:১৭; তীত ৩:৫; ১ পিতৰ ১:৩; ১ যোহন ২:২৯;৩:৯;৪:৭;৫:১-৪)। যোহন ১:১২ত ইংগিত দিছে যে যীচুক বিশ্বাস কৰাৰ যোগে “নতুন জন্ম”হৈ ”ঈশ্বৰৰ সন্তান হোৱাৰ” ধাৰণা দিছে।

যুক্তিসহ প্ৰশ্নটো হয়, “কিয় এজন মানুহৰ নতুন জন্ম হোৱাৰ প্ৰয়োজন?” পাঁচনি পৌলে ইফিচীয়া ২:১ত কৈছে, “আৰু যেতিয়া তোমালোক তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে।” ৰোমীয়াসকলৈ তেওঁ লিখিছিল, “কিয়নো একো প্ৰভেদ নাই; কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল”(ৰোমীয়া ৩:২৩)। পাপীসকল আধ্যাত্মিকভাৱে “মৰা”; যেতিয়া খ্ৰীষ্টত বিশ্বাসৰ যোগে তেওঁলোকে আধ্যাত্মিক জীৱন পায়, বাইবেলে তাক এক নতুন জন্মৰ দৰে বুলিছে। কেৱল যিসকলৰ নতুন জন্ম হ’ল তেওঁলোকৰ পাপবিলাক ক্ষমা দিয়া হ’ল আৰু ঈশ্বৰৰ লগত সম্বন্ধ থাকে।

সেইটো কেনেকৈ হ’ব পাৰে? ইফিচীয়া ২:৮-৯ত কৈছে, “কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা; আৰু সেয়ে তোমালোকৰ পৰা নহয়; ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়।” যেতিয়া এজনে পৰিত্ৰাণ পায়, তেওঁৰ নতুন জন্ম হ’ল, আধ্যাত্মিকভাৱে নতুন হ’ল আৰু নতুন জন্মৰ ক্ষমতাৰ দ্বাৰা এতিয়া ঈশ্বৰৰ সন্তান হ’ল। যিজনে পাপৰ বেচস্বৰূপে ক্ৰুচত মৃত্যুবৰণ কৰিলে সেই যীচু খ্ৰীষ্টত বিশ্বাস কৰাটোৱেই নতুন জন্ম হোৱাৰ উপায়।” “এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি; পুৰণিবোৰ লুপ্ত হ’ল; চোৱা, নতুন হ’ল!”(২ কৰিন্থীয়া ৫:১৭)।

যদি আপুনি প্ৰভু যীচু খ্ৰীষ্টক কেতিয়াও ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰা নাই, তেন্তে আপুনি পবিত্ৰ আত্মাৰ অনুপ্ৰেৰণাৰে আপোনাৰ অন্তৰত তেওঁ কথা কোৱাটো বিবেচনা কৰিবনে? আপুনি মনপালটনৰ প্ৰাৰ্থনা কৰিব নে, তেতিয়া খ্ৰীষ্টত নতুন সৃষ্টি হ’ব? “তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে। তেওঁলোকে তেজৰ পৰা, ব মাংসৰ ইচ্ছাৰ পৰা, বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে, এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে”(যোহন ১১২-১৩)।

যদি আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তাহিচাপে গ্ৰহণ কৰিব বিচাৰে আৰু নতুন জন্ম হ’ব বিচাৰে, তেন্তে এইয়া এটা প্ৰাথনাৰ উদাহৰণ। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

নতুন জন্ম হোৱা খ্ৰীষ্টীয়ান মানে কি বুজায়?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries