প্রশ্ন
অনন্ত নিৰাপত্তা বাইবেল সন্মত নে?
উত্তৰ
যেতিয়া মানুহে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি জানে, তেওঁলোক ঈশ্বৰৰ লগত সম্বন্ধেৰে বাঢ়ি আহে যিটোৱে তেওঁলোকক অনন্ত নিৰাপত্তা নিশ্চিত কৰে। যিহুদা ২৪ পদে ঘোষণা কৰিছে, “এতিয়া যি জনাই তোমালোকক নপৰাকৈ ৰক্ষা কৰিবলৈ, আৰু তেওঁৰ প্ৰতাপৰ সাক্ষাতে নিষ্কলংকৰূপে অতি আনন্দেৰে সৈতে উপস্থিত কৰিবলৈ সমৰ্থ।” বিশ্বাসীক নপৰাকৈ ৰাখিবলৈ ঈশ্বৰৰ শক্তি সমৰ্থৱান। তেওঁৰ মহিমাৰ সাক্ষাতে আমাক উপস্থিত কৰোৰাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে, আমাৰ ওপৰত নহয়। আমাৰ অনন্ত নিৰাপত্তা ঈশ্বৰে ধৰি ৰখাৰ ফলত, আমি আমাৰ নিজৰ পৰিত্ৰাণ নিয়ন্ত্ৰণ কৰাত নহয়।
প্ৰভু যীচু খ্ৰীষ্টই ঘোষণা কৰিছিল, “মই সেইবিলাকক অনন্ত জীৱন দিওঁ; তাতে সেইবিলাক কেতিয়াও নষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল’ব। মোৰ পিতৃ, যি জনাই সেইবিলাকক মোক দিলে, তেওঁ সকলোতকৈ মহান; সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল’ব নোৱাৰে”(যোহন ১০:২৭-২৯)। যীচু আৰু পিতৃ দুয়ো আমাক তেওঁলোকৰ হাতেৰে ধৰি ৰাখে। পিতৃ আৰু পুত্ৰৰ হাতৰ পৰা পৃথক কৰিবলৈ কাৰ সাধ্য আছে?
ইফিচীয়া ৪:৩০পদত আমাক কৈছে যে বিশ্বাসীসকল, “মুক্তি-দিনৰ কাৰণে মোহৰ মৰা হ’লা।” বিশ্বাসীসকলৰ অনন্ত নিৰাপত্তা নথকাহ’লে, মোহৰ মৰাটো সঁচাকৈ মুক্তি দিনৰ বাবে নহ’লহেঁতেন, কিন্তু কেৱল পাপ কৰি থকা দিনলৈকে, বিশ্বাসৰ পৰা খহি পৰালৈকে, বা অবিশ্বাসলৈকে হ’ব। যোহন ৩:১৫-১৬ পদত কৈছে যে যিকোনোৱে যীচু খ্ৰীষ্টক বিশ্বাস কৰে “অনন্ত জীৱন” থাকিব। যদি এজন মানুহক অনন্ত জীৱন প্ৰতিজ্ঞা কৰা হয়, কিন্তু তেতিয়া যদি কাঢ়ি নিয়া হয়, এইটো কেতিয়াও আৰম্ভ কৰা “অনন্ত” হ’ব নোৱাৰে। যদি অনন্ত নিৰাপত্তা সত্য নহয়, বাইবেলত অনন্ত জীৱনৰ প্ৰতিজ্ঞা বিভ্ৰান্তিকৰ হ’ব।
অনন্ত নিৰাপত্তাৰ আটাতকৈ শক্তিশালী যুক্তি হৈছে ৰোমীয়া ৮৩৮-৩৯, “কিয়নো আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত বিষয়, বা পৰাক্ৰম, ওপৰ বা তল, বা আন কোনো সৃষ্ট বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে, মোৰ এনে দৃঢ় বিশ্বাস আছে।” ঈশ্বৰৰ প্ৰেমৰ ভিত্তিত আমাৰ অনন্ত নিৰাপত্তা আছে যিসকলক তেওঁ মুক্ত কৰিলে। আমাৰ অনন্ত নিৰাপত্তা খ্ৰীষ্টই কিনিলে, পিতৃয়ে প্ৰতিজ্ঞা কৰিলে, আৰু পবিত্ৰ আত্মাই মোহৰ মাৰিলে।
English
অনন্ত নিৰাপত্তা বাইবেল সন্মত নে?