প্রশ্ন
মই কেনেকৈ ঈশ্বৰৰ লগত ঠিক হ’ব পাৰো?
উত্তৰ
ঈশ্বৰৰ লগত “ঠিক” হ’বৰ বাবে, আমি প্ৰথমে জানিব লাগিব “ভুল” কি। উত্তৰটো হৈছে পাপ।“সৎকৰ্ম কৰোঁতা কোন নাই, এজনো নাই”(গীতমালা১৪:৩)। আমি ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলো: আমি “সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলো”(যিচয়া ৫৩:৬)।
বেয়া বাৰ্তাটো হৈছে যে পাপৰ শাস্তি মৃত্যু। “যি প্ৰাণীয়ে পাপ কৰে, সেই প্ৰাণিহে মৰিব”(যিহিষ্কেল ১৮:৪)। শুভবাৰ্তাটো হৈছে যে প্ৰেমৱান ঈশ্বৰে আমালৈ পৰিত্ৰাণ আনিবলৈ বিচাৰিলে। যীচুৱে তেওঁৰ উদ্দেশ্য ঘোষণা কৰিছিল, “যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ”(লুক ১৯:১০), আৰু তেওঁ ক্ৰুচত মৃত্যু হওঁতে তেওঁৰ উদ্দেশ্য এই কথাৰে কৈছিল, “সিদ্ধ হ’ল”(যোহন ১৯:৩০)।
ঈশ্বৰৰ লগত ঠিক সম্বন্ধ ৰখা আৰম্ভ হয় পাপ স্বীকাৰৰ যোগেদি। পিছতে আহে ঈশ্বৰলৈ বিনম্ৰে পাপ স্বীকাৰ(যিচয়া ৫৭:১৫) আৰু পাপ এৰিবলৈ সিদ্ধান্ত। “কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰাহয়; আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়”(ৰোমীয়া ১০:১০)।
মনপালটন নিশ্চয় বিশ্বাসেৰে হ’ব লাগিব- নিৰ্দিষ্টকৈ, যীচুৰ ত্যাগৰ মৃত্যু আৰু তেওঁৰ আচৰিত পুনৰুত্থানে আপোনাৰ ত্ৰাণকৰ্তা হোৱাৰ যোগ্য হ’ল। “কিয়নো যদি তুমি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰা; আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা”(ৰোমীয়া ১০:৯)। আন বহুতো শাস্ত্ৰাংশই বিশ্বাসৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়, যেনেকৈ যোহন ২০:২৭; পাঁচনিৰ কৰ্ম ১৬:৩১; গালাতীয়া ২:১৬;৩:১১, ২৬; আৰু ইফিচীয়া ২:৮ ।
ঈশ্বৰৰ লগত ঠিক হোৱাটো ঈশ্বৰে আপোনাৰ বাবে যি কৰিলে তাৰ প্ৰতি সহাৰি দিয়া। তেওঁ ত্ৰাণকৰ্তাক পঠালে, তেওঁ আমাৰ পাপ নিয়াবলৈ বলি হ’ল(যোহন ১:২৯), আৰু তেওঁ আপোনাক অংগীকাৰ দিছে:”যিকোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব”(পাঁচনিৰ কৰ্ম ২:২১)।
মনপালটন আৰু ক্ষমাৰ এটি সুন্দৰ দৃষ্টান্ত হৈছে অপব্যয় পুত্ৰৰ দৃষ্টান্ত(লূক ১৫:১১-৩২)। সৰু পুতেকে লজ্জাজনক পাপ্ৰেৰে পিতৃৰ দান অপব্যয় কৰিলে( ১৩ পদ)। যেতিয়া তেওঁৰ দুষ্কৰ্ম স্বীকাৰ কৰিলে, তেওঁ ঘৰলৈ ঘূৰি আহিবলৈ সিদ্ধান্ত কৰিলে৯১৮ পদ)। তেওঁ ভাবিছিল যে তেওঁক আৰু পুত্ৰ বুলি বিবেচন কৰা নহ’ব( ১৯ পদ), কিন্তু তেওঁ ভুলত আছিল। আগতকৈ অধিক প্ৰভুৱে ঘূৰি অহা দস্যুক গ্ৰহণ কৰিলে( ২০ পদ)। সকলো ক্ষমা দিলে, আৰু এটা ৰং ধেমালীৰ উৎসব নিশ্চিত হ’ল( ২৪ পদ)। ক্ষমাদানৰ প্ৰতিজ্ঞাসহ ঈশ্বৰ তেওঁৰ প্ৰতিজ্ঞা ৰখাত সজ। যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকৰ তেওঁ পৰিত্ৰাণ কৰে”(গীতমালা ৩৪:১৮)।
যদি আপুনি ঈশ্বৰৰ লগত ঠিক হ’ব বিচাৰে, এইয়া এটা প্ৰাৰ্থনাৰ নমুনা। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”
আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।
English
মই কেনেকৈ ঈশ্বৰৰ লগত ঠিক হ’ব পাৰো?