settings icon
share icon
প্রশ্ন

মই এইমাত্ৰ যীচুত বিশ্বাস স্থাপন কৰিলো…এতিয়া কি?

উত্তৰ


মই এইমাত্ৰ যীচুত বিশ্বাস স্থাপন কৰিলো…এতিয়া কি?

অভিনন্দন! আপুনি এটা জীৱন-পৰিৱৰ্তনৰ সিদ্ধান্ত ল’লে! আপুনি হয়তো সুধিছে, “এতিয়া কি? ঈশ্বৰসহিত মোৰ যাত্ৰা কেনেকৈ আৰম্ভ কৰোঁ?” তলত উল্লেখ কৰা প্ৰথম খোজটিয়ে আপোনাক বাইবেলৰ পৰা নিৰ্দেশ দিব। যেতিয়া আপোনাৰ যাত্ৰাত প্ৰশ্ন থাকে, অনুগ্ৰহ কৰি পৰিদৰ্শন কৰক www.GotQuestions.org/Assamese

১। নিশ্চিত হওক যে আপুনি পৰিত্ৰাণ বুজিছে।

১ যোহন ৫:১৩ আমাক কৈছে, “ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোক, তোমালোকৰ যে অনন্ত জীৱন আছে, তাক যেন জান, এই কাৰণে তোমালোকলৈ মই এইবোৰ কথা লিখিলো।” ঈশ্বৰে বিচাৰে আমি যেন পৰিত্ৰাণ বুজি পাওঁ। ঈশ্বৰে আমি পৰিত্ৰাণ পালো বুলি নিশ্চিতকৈ জনাটো বিচাৰে। সংক্ষেপে পৰিত্ৰাণৰ মূলকথাবিলাকলৈ যাওঁহক:

(ক) আমি সকলোৱে পাপ কৰিলো। আমি সকলোৱে ঈশ্বৰে বেয়া পোৱা কাম কৰিলো(ৰোমীয়া ৩:২৩)।

(খ) আমাৰ পাৰ কাৰণে, আমি ঈশ্বৰৰ পৰা অনন্তকালৰ বাবে পৃথকে থকাৰ শস্তি পোৱাৰ যোগ্য(ৰোমীয়া ৬:২৩)

(চ) আমাৰ পাপৰ বেচস্বৰূপে যীচু ক্ৰুচত মৃত্যূ হ’ল(ৰোমীয়া ৫:৮; ২ কৰিন্থীয়া ৫:২১)। আমি পাবলগীয়া শাস্তি লৈ যীচু আমাৰ ঠাইত মৃত্যু হ’ল। তেওঁৰ পুনৰুত্থানে প্ৰমাণ কৰিলে যে যীচুৰ মৃত্যু আমাৰ পাপৰ উপযুক্ত বেচ।

(ঘ) যিসকলে যীচুত বিশ্বাস স্থাপন কৰে ঈশ্বৰে সেইসকলোকে ক্ষমা আৰু পৰিত্ৰাণ দান কৰে- তেওঁৰ মৃত্যু আমাৰ পাপৰ বেচহিচাপে বিশ্বাস কৰি(যোহন ৩:১৬; ৰোমীয়া ৫:১; ৰোমীয়া ৮:১)।

সেয়াই পৰিত্ৰাণৰ বাণী! যদি আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰিছে, আপুনি পৰিত্ৰাণ পালে! আপোনাৰ সকলো পাপ ক্ষমা হ’ল, আৰু ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ আপোনাক কেতিয়াও এৰি নিদিব বা পৰিত্যাগ নকৰিব(ৰোমীয়া ৮:৩৮-৩৯; মথি ২৮:২০)। মনত ৰাখিব, আপোনাৰ পৰিত্ৰাণ যীচু খ্ৰীষ্টত সুৰক্ষিত(যোহন ১০:২৮-২৯)। আপুনি যদি কেৱল যীচু খ্ৰীষ্টক ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰিছে, আপোনাৰ আস্থা থাকিব যে স্বৰ্গত আপুনি অনন্তকাল ঈশ্বৰসহিত থাকিব!

২। বাইবেল শিকোৱা ভাল মণ্ডলী এটা বিচাৰক।

মণ্ডলী এটা ঘৰ বুলিয়ে নাভাবিব। মণ্ডলী হৈছে লোকসকল। এইটো বৰ দৰকাৰী যে যীচুৰ বিশ্বাসীসকলে ইজন-সিজনৰ লগত সহভাগিতা ৰাখে। সেইটো মণ্ডলীৰ এটা প্ৰাথমিক উদ্দেশ্য। এতিয়া আপুনি যে যীচু খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিলে, আমি সজোৰে আপোনাক উৎসাহ দিওঁ যে আপুনি আপোনাৰ অঞ্চলত বাইবেল বিশ্বাস কৰা মণ্ডলী এটা বিচাৰক আৰু পালকজনৰ লগত কথাবাৰ্তা হওক। তেওঁ আপোনাৰ যীচু খ্ৰীষ্টত নতুন বিশ্বাসৰ বিষয়ে জানক।

মণ্ডলীৰ দ্বিতীয় উদ্দেশ্য হৈছে বাইবেল শিকোৱা। আপুনি শিকিব পাৰে কেনেকৈ ঈশ্বৰৰ শিক্ষা আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পাৰে। বাইবেল বুজি পোৱাটো সফল আৰু বলৱান খ্ৰীষ্টীয়ান জীৱনৰ বাবে চাবি-কাঠী। ২ তীমথিয় ৩:১৬-১৭ কৈছে, “ গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ’ব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।”

মণ্ডলীৰ তৃতীয় উদ্দেশ্য হৈছে উপাসনা। উপাসনা হৈছে ঈশ্বৰে কৰা সকলোৰ বাবে তেওঁৰ ধন্যবাদ কৰা! ঈশ্বৰে আমাক পৰিত্ৰাণ কৰিলে। ঈশ্বৰে আমাৰ যোগাৰ ধৰে। ঈশ্বৰে আমাক বাট দেখুৱাই আৰু পৰিচালনা কৰে। আমি কেনেকৈ তেওঁক ধন্যবাদ নিদিয়াকৈ থাকিম? ঈশ্বৰ পবিত্ৰ, ধৰ্মিক, প্ৰেমৱান, দয়ালু আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ। প্ৰকাশিত বাক্য ৪:১১ কৈছে, “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ’ল; সকলো সৃষ্ট হ’ল।”

৩। ঈশ্বৰত কেন্দ্ৰ কৰিবলৈ আছুতীয়া সময় ৰাখক।

সদায়ে ঈশ্বৰক কেন্দ্ৰ কৰি সময় অতিবাহিত কৰাটো বৰ দৰকাৰী। কিছুমান মানুহে ইয়াক “নীৰৱ সময়” বুলি কয়। আন কিছুমানে ইয়াক “ভক্তি” বুলি কয়, কিয়নো এই সময়ত আমি ঈশ্বৰৰ প্ৰতি সময় আছুতীয়া কৰি লওঁ। কিছুমানে ৰাতিপুৱা সময় আছুতীয়াকৈ ল’বলৈ ভাল পায়, আন কিছুমানে সন্ধিয়া সময়ত লয়। আপুনি এই সময়ক কি কয় আৰু কেতিয়া কৰে সেইটো ডাঙৰ কথা নহয়। আপুনি নিয়মীয়াকৈ ঈশ্বৰৰ লগত সময় কটাই সেইটোহে আচল কথা। কি কাৰ্যৰে আমি ঈশ্বৰৰ লগত সময় নিয়াওঁ?

(ক) প্ৰৰ্থনা। প্ৰাৰ্থনা সহজভাৱে ঈশ্বৰক কথা কোৱা। আপোনাৰ চিন্তা আৰু সমস্যাবিলাকৰ বিষয়ে ঈশ্বৰক কওক। আপোনাক জ্ঞান দিবলৈ আৰু পথদৰ্শক হ’বলৈ ঈশ্বৰক জনাওক। আপোনাৰ প্ৰয়োজনীতাখিনি যোগাবলৈ ঈশ্বৰক কওক। ঈশ্বৰক কওক আপুনি তেওঁক কিমান ভাল পায় আৰু আপোনাৰ বাবে তেওঁ যি কৰিছে তাৰ শলাগ লওক। সেয়াই হৈছে প্ৰাৰ্থনাৰ বিষয়ে সকলো।

(খ) বাইবেল পঢ়া। মণ্ডলীত বাইবেল শিকোৱাৰ ওপৰি আপুনি নিজে নিজৰ বাবে বাইবেল অধ্যয়ন কৰিব লাগে। এটা সফল খ্ৰীষ্টীয়ান জীৱন যাপনৰ বাবে বাইবেলত থকা কথাবিলাক জানিব লাগে। কেনেকৈ সজ্ঞানে সিদ্ধান্ত ল’ব লাগে, কেনেকৈ ঈশ্বৰৰ ইচ্ছা জানিব পাৰি, কেনেকৈ অনৰ পৰিচৰ্যা কৰিব পাৰি আৰু কেনেকৈ আধ্যাত্মিকভাৱে বৃদ্ধি পাব পাৰি, ইয়াত আপুনি জানিবলগীয়া ঈশ্বৰৰ নিৰ্দেশনা থাকে। বাইবেল দৰাচলতে ঈশ্বৰৰ শিক্ষাৰ নিয়মাৱলী কেনেকৈ এনে এটি জীৱন কটাব পাৰি য’ত তেওঁক সন্তষ্ট কৰি আমিও তৃপ্ততা লভিব পাৰোঁ।

৪। আপোনাক আধ্যাত্মিকভাৱে সহায় কৰিব পৰা মানুহৰ লগত সম্বন্ধ গঢ়ক।

১ কৰিন্থীয়া ১৫:৩৩ আমাক কৈছে, “তোমালোক ভ্ৰান্ত নহ’বা; কুসংগে সদাচাৰ নষ্ট কৰে।” আমাৰ জীৱনত বেয়া মানুহে প্ৰভাৱ পেলাব পৰাৰ বিষয়ে বাইবেলে বহুতো সাৱধান হোৱাৰ কথা কৈছে। পাপ কাৰ্যত লিপ্ত থকা সকলৰ লগত থাকিলে তেওঁলোকৰ কাৰ্যই আমাক পৰীক্ষাত পেলায়। আমৰ কেউকাষে থকা লোকসকলৰ চৰিত্ৰই আমাৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। সেইবাবে আমি প্ৰভুক ভাল পোৱা আৰু তেওঁৰ প্ৰতি উৎসৰ্গিত লোকসকলৰ লগত থাকিব লাগে।

এজন ব দুজন বন্ধু পাবলৈ চেষ্টা কৰক, আপোনাৰ মণ্ডলীৰ পৰা হ’ব পাৰে, যি আপোনাক সহায় কৰিব পাৰে আৰু উৎসাহ যোগাব পাৰে(ইব্ৰী ৩:১৩; ১০:২৪)। আপোনাৰ বন্ধুৱে আপোনাৰ নীৰৱ সময়, আমাৰ কাৰ্যবিলাক আৰু আপুনি ঈশ্বৰসহিত চলাৰ হিচাপ ৰাখিবলৈ কওক। আপুনিও তেওঁলোকৰ বাবে একে কৰিব পাৰেনে কি সুধক। তাৰ মানে এইটো নহয় যে যীচুক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি নজনা আপোনাৰ বন্ধুসকলক বাদ দিব। তেওঁলোকৰ লগত বন্ধুত্ব বজাই ৰাখিব আৰু তেওঁলোকক প্ৰেম কৰিব। কেৱল কওক যে যীচুৱে আপোনাৰ জীৱন পৰিৱৰ্তন কৰিলে আৰু আপুনি আগেয়ে কৰা সকলো এতিয়া কৰিব নোৱাৰে। প্ৰাৰ্থনা কৰক যেন আপুনি তেওঁলোকক যীচুৰ বিষয়ে জনাবলৈ ঈশ্বৰে সুযোগ দিয়ে।

৫। বাপ্তিষ্ম লওক।

বহুতো মানুহৰ বাপ্তিষ্মৰ বিষয়ে ভুল ধাৰণা আছে। “বাপ্তাইজ” শব্দটোৰ অৰ্থ হৈছে পানীত ডুব দিয়া। বাপ্তিষ্ম হৈছে বাইবেল অনুযায়ী আপোনাৰ খ্ৰীষ্টত নতুন বিশ্বাস ঘোষণা কৰা আৰু তেওঁক মানি চলিবলৈ তেওঁৰ প্ৰতি আপোনাৰ সমৰ্পণ। পানীত ডুবাই দিয়া কাৰ্যৰে খ্ৰীষ্টৰ লগত মৈদাম দিয়া বুজায়। পানীৰ পৰা উঠি অহাই খ্ৰীষ্টৰ পুনৰুত্থানৰ ছবি বুজায়। বাপ্তিষ্ট লোৱাৰে খ্ৰীষ্টৰ মৃত্যু, মৈদাম দিয়া আৰু পুনৰুত্থানৰ লগত পৰিচয় হোৱা বুজায়(ৰোমীয়া ৬:৩-৪)।

বাপ্তিষ্মই আপোনাক পৰিত্ৰাণ নিদিয়ে। বাপ্তিষ্মই আপোনৰ পাপ ধুৱাই নিদিয়ে। বাপ্তিষ্ম হৈছে বিশ্বাসৰ এটা খোজ, খ্ৰীষ্টত পোৱা পৰিত্ৰাণ ৰাজহুৱাকৈ ঘোষণা কৰা। বাপ্তিষ্ম দৰকাৰী কিয়নো ই বিশ্বাসৰ এটা খোজ- খ্ৰীষ্টৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু উৎসৰ্গৰ ৰাজহুৱা ঘোষণা। যদি আপুনি বাপ্তিষ্মৰ বাবে যুগুত আছে, আপুনি এজন পালকৰ লগত কথা হওক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

মই এইমাত্ৰ যীচুত বিশ্বাস স্থাপন কৰিলো…এতিয়া কি?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries