settings icon
share icon
প্রশ্ন

যীচুক আপোনাৰ ব্যক্তিগত ত্ৰাণাকৰ্তা বুলি গ্ৰহণ কৰা মানে কি বুজায়?

উত্তৰ


আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ব্যক্তিগত ত্ৰাণাকৰ্তাহিচাপে গ্ৰহণ কৰিলেনে? এই প্ৰশ্নটো ভালকৈ বুজিবলৈ হ’লে, আপুনি প্ৰথমে বুজিব লাগিব “যীচু খ্ৰীষ্ট”, “ব্যক্তিগত”, আৰু “ত্ৰাণকৰ্তা” মানে কি?

যীচু খ্ৰীষ্ট কোন? বহুতো মানুহে যীচু খ্ৰীষ্টক এজন সৎ লোক, এজন মহান গুৰু আনকি ঈশ্বৰৰ এজন ভাৱবাদী বুলি স্বীকাৰ কৰে। এইবিলাক নিশ্চয় সঁচা, কিন্তু সেইবিলাকে যীচু প্ৰকৃততে কোন হয় সম্পূৰ্ণ বৰ্ণনা নকৰে। বাইবেলে আমাক কৈছে যে যীচু হৈছে মাংসত ঈশ্বৰ, মানুহৰূপত ঈশ্বৰ( চাওক যোহন ১:১,১৪)। ঈশ্বৰ পৃথিৱীলৈ আহিছিল আমাক শিকাবলৈ, সুস্থ কৰিবলৈ, ক্ষমা কৰিবলৈ- আৰু আমাৰ বাবে মৃত্যু হ’বলৈ। যীচু খ্ৰীষ্ট ঈশ্বৰ, সৃষ্টিকৰ্তা, সাৰ্বভৌম প্ৰভু। আপুনি এই যীচুক গ্ৰহণ কৰিলেনে?

ত্ৰাণাকৰ্তানো কি? আৰু আমাক কিয় ত্ৰাণকৰ্তা এজন লাগে? বাইবেলে কৈছে যে আমি সকলোৱে পাপ কৰিলো; আমি সকলোৱে দুষ্কৰ্ম কৰিলো(ৰোমীয়া ৩:১০-১৮)। আমাৰ পাপৰ পৰিণতিস্বৰূপে, আমি ঈশ্বৰৰ ক্ৰোধ আৰু সোধবিচাৰ পোৱাৰ যোগ্য। এজন অনন্ত ঈশ্বৰৰ বিৰুদ্ধে কৰা পাপৰ শাস্তি অনন্তকলীয়া(ৰোমীয়া ৬:২৩; প্ৰকাশিত বাক্য ২০:১১-১৫)। সেইবাবেই আমাক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন!

যীচু খ্ৰীষ্ট পৃথিৱীলৈ আহি আমাৰ পৰিৱৰ্তে মৃত্যু হ’ল। যীচুৰ মৃত্যু আছিল আমাৰ পাপৰ বাবে অনন্ত বেচ (২ কৰিন্থীয়া ৫:২১)। যীচু মৃত্যু হ’ল আমাৰ পাপৰ শাস্তিৰ মূল্য দিবলৈ(ৰোমীয়া ৫:৮)। যীচুৱে মূল্য দিলে যাতে আমি দিবলগা নহওঁ। যীচুৰ মৃত্যুৰ পৰা পুনৰুত্থানে প্ৰমাণ কৰিলে যে তেওঁৰ মৃত্যু আমাৰ পাপৰ বেচ দিয়াটো যথেষ্ট। সেয়েহে যীচুৱেই একমাত্ৰ ত্ৰাণকৰ্তা(যোহন ১৪:৬; পাঁচনিৰ কৰ্ম ৪:১২)! আপুনি যীচুক বিশ্বাস কৰিছেনে আপোনাৰ এজন ত্ৰাণকৰ্তাহিচাপে?

যীচু আপোনাৰ “ব্যক্তিগত” ত্ৰাণকৰ্তানে? বহুতো মানুহে ভাবে যে খ্ৰীষ্টীয়ান ধৰ্ম মানে গিৰ্জালৈ যোৱা, নিয়মবিলাক মানিচলা আৰু নতুবা কিছুমান পাপ নকৰাকৈ থকাটো। এইয়া খ্ৰীষ্টীয়ান ধৰ্ম নহয়। প্ৰকৃত খ্ৰীষ্টীয়ান ধৰ্ম হৈছে যীচু খ্ৰীষ্টৰ লগত ব্যক্তিগত সম্বন্ধ। যীচুক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা মানে আপোনাৰ ব্যক্তিগত বিশ্বাস আৰু আস্থা তেওঁৰ ওপৰত ৰখা। কোনেও আনৰ বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পাব নোৱাৰে। পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে যীচুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা, আপোনাৰ পাপৰ মূল্যস্বৰূপে তেওঁৰ মৃত্যু আৰু তেওঁৰ পুনৰুত্থান আপোনাৰ অনন্ত জীৱনৰ মঞ্জুৰীহিচাপে বিশ্বাস কৰা(যোহন ৩:১৬)। যীচু ব্যক্তিগতভাৱে আপোনাৰ ত্ৰাণকৰ্তানে?

যদি আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তাহিচাপে গ্ৰহণ কৰিব বিচাৰে, এই কথাবিলাক ঈশ্বৰক কওক। মনত ৰাখিব যে এই প্ৰাৰ্থনা কৰিলেই বা আন প্ৰাৰ্থনাই আপোনাক পৰিত্ৰাণ নিদিয়ে। কেৱল যীচু খ্ৰীষ্ট আৰু তেওঁ ক্ৰুচত সিদ্ধ কৰা কাৰ্যত বিশ্বাস কৰিহে পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল ঈশ্বৰৰ প্ৰতি আপোনাৰ বিশ্বাস প্ৰকাশ কৰিবৰ বাবেহে আৰু তেওঁ আপোনাক পৰিত্ৰাণ দিয়াৰ বাবে ধন্যবাদ দিয়ক। “ঈশ্বৰ, মই জানো যে মই আপোনাৰ বিৰুদ্ধে পাপ কৰিলো আৰু অনন্ত শাস্তি পোৱাৰ যোগ্য। কিন্তু মই বিশ্বাস কৰোঁ যে মই পাবলগীয়া শাস্তি যীচুৱে ল’লে যাতে তেওঁত বিশ্বাস কৰা যোগে মই মই ক্ষমা পাব পাৰোঁ। মই আপোনাৰ ক্ষমা গ্ৰহণ কৰিছোঁ আৰু পৰিত্ৰাণাৰ বাবে আপোনাক বিশ্বাস কৰিছোঁ। মই যীচু মোৰ ব্যক্তিগত ত্ৰাণকৰ্তাহিচাপে গ্ৰহণ কৰিছোঁ! আপোনাক ধন্যবাদ দিছোঁ আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে- অনন্ত জীৱন দানৰ বাবে! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

যীচুক আপোনাৰ ব্যক্তিগত ত্ৰাণাকৰ্তা বুলি গ্ৰহণ কৰা মানে কি বুজায়?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries