প্রশ্ন
মহিলা পালক/প্ৰচাৰক? মহিলা পৰিচৰ্যাৰ বিষয়ে বইবেলে কি কয়?
উত্তৰ
মণ্ডলীত মহিলাই পালক/প্ৰচাৰক কৰা বিষয়টো বৰ্তমান আটতকৈ বিতৰ্কিত বিষয়। ফলস্বৰূপে, ই এটা পুৰুষৰ বিপৰীতে মহিলাৰ বিচাৰ্য বিষয় বুলি নোলোৱাটো অতি প্ৰয়োজনীয়। কিছুমান মহিলাই বিশ্বাস কৰে যে মহিলাই পালকহিচাপে কাম কৰিব নালাগে কিয়নো বাইবেলে মহিলাৰ পৰিচৰ্যা নিষেধ কৰিছে, অনহাতে কিছুমান পুৰুষে বিশ্বাস কৰে যে মহিলাই প্ৰচাৰকৰ কাম কৰিব পাৰে কিয়নো বাইবেলে মহিলাৰ পৰিচৰ্যা নিষেধ কৰা নাই। ই এট চিন্তনীয় বিষয় বা উগ্ৰতাৰ বা বৈষম্যৰ কথা নহয়। এইটো বাইবেল ব্যাখ্যা কৰাৰহে বিষয়।
ঈশ্বৰৰ বাক্যই ঘোষণা কৰিছে, “তিৰোতা মানুহে সকলোভাৱে বশৱৰ্তী হৈ, শান্তভাৱে শিক্ষা লওক। শিক্ষা দিবলৈ, বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ, মই তোৰাতাক অনুমতি নিদিওঁ”(১ তীমথিয় ২:১১-১২)। মণ্ডলীত, ঈশ্বৰে পুৰুষ আৰু মহিলাক বেলেগ বেলেগ ভূমিকা ল’বলৈ দিছে। এইটো হৈছে যেনেকৈ মানুহ সৃষ্টি কৰা হৈছে আৰু যি ধৰণে জগতলৈ পাপ সোমাল(১ তীমথিয় ২:১৩-১৪)। ঈশ্বৰে, পাঁচনি পৌলৰ যোগেদি, মহিলাক শিক্ষা দিয়া ভূমিকাত আৰু পুৰুষৰ ওপৰত আধ্যাত্মিক অধিকাৰ চলোৱাত বাধা দিছে। এইটোৱে মহিলাক পুৰুষৰ ওপৰত পালকহিচাপে পৰিচৰ্যা কৰাত বাধা আৰোপ কৰিছে, যিটো নিশ্চিয়কৈ তেওঁলোকক উপদেশ দিয়া, ৰাজহুৱাকৈ শিক্ষা দিয়া, আৰু তেওঁলোকৰ ওপৰত আধ্যাত্মিক ক্ষমতা চলোৱা অন্তৰ্ভুক্ত।
মহিলাই পালক পৰিচৰ্যা কৰা এই দৃষ্টিভংগীৰ প্ৰতি বহুতো আপত্তি আছে। সাধাৰণটো হৈছে পৌলে মহিলাক শিক্ষা দিয়াত বাধা দিছে কাৰণ প্ৰথম শতাব্দীৰ মহিলা দৰাচলতে অশিক্ষিত আছিল। অৱশ্যে, ১ তীমথিয় ২:১১-১৪ত কোনো শিক্ষাগত মৰ্যদাৰ বিষয়ে কোৱা নাই। যদি পৰিচৰ্যাৰ বাবে শিক্ষা এটা গুণ হ’লহেঁতেন, তেতিয়াহ’লে যীচুৰ শিষ্যসকলৰ সৰহসংখ্যকেই উপযুক্ত নহ’লহেঁতেন। পৌলৰ দ্বিতীয় সাধাৰণ আপত্তি হৈছে পৌলে কেৱল ইফিচৰ মহিলাকহে শিক্ষা দিয়াত আপত্তি কৰিছিল(১তীমথিয় লিখা হৈছিল তীমথিয়লৈ, ইফিচত থকা মণ্ডলীৰ পালক)। আৰ্ত্তেমীৰ মন্দিৰৰ কাৰণে ইফিচক জনা গৈছিল,আৰু মহিলাসকল সেই অখ্ৰীষ্টীয়ান বিভাগৰ নেতা আছিল- সেই বাবে, এইটো মতবাদ যে পৌলে কেৱল ইফিচীয়াৰ মূৰ্তিপূজকৰ ক্ষমতাত থকা সকলৰ প্ৰতিহে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, আৰু মণ্ডলী বেলেগ হোৱা প্ৰয়োজন। অৱশ্যে ১ তীমথিয় পুস্তকখনৰ ক’তো আৰ্ত্তেমীৰ কথা উল্লেখ নাই, নতুবা আৰ্ত্তেমীক কৰা সেৱা-উপাসনাৰ মানদণ্ডৰ বাবে ১ তীমথিয় ২:১১-১২ পদত মহিলা পৰিচৰ্যাত বাধা অৰোপ কৰিছে বুলিও উল্লেখ নাই।
তৃতীয় আপত্তিটো হৈছে পৌলে কেৱল স্বামী আৰু ভাৰ্যাৰ প্ৰসংগহে আনিছে, সাধাৰণভাৱে পুৰুষ আৰু মহিলা নহয়। ১ তীমথিয় ২ত ‘মহিলা’ আৰু ‘পুৰুষ’ৰ বাবে গ্ৰীক শব্দই স্বামী আৰু ভাৰ্যাক ক’ব পাৰে; অৱশ্যে, শব্দ দুটিৰ প্ৰাথমিক অৰ্থ তাতকৈ বহল। তদুপৰি, একে গ্ৰীক শব্দ ৮-১০ পদতো ব্যৱহাৰ কৰিছে। কেৱল স্বামীবিলাকে ক্ৰোধ আৰু বাদবিবাদ নোহোৱাকৈ প্ৰাৰ্থনাত পবিত্ৰ হাত দাঙিব লাগেনে(৮ পদ)? কেৱল মহিলায়েহে পৰিপাটিকৈ কাপোৰ পিন্ধিব, যোগ্য কৰ্ম কৰিব, আৰু ঈশ্বৰক উপাসনা কৰিব লাগেনে(পদ ৯-১০)? অৱশ্যে নহয়। ৮-১০ পদ স্পষ্টকৈ সকলো পুৰুষ আৰু মহিলাক কৈছে, ১১-১৪ পদত কেৱল স্বামী আৰু ভাৰ্যাকে নহয়।
তথাপি ব্যাখ্যাত মহিলাৰ পালক পৰিচৰ্যাত আন এটা আপত্তি হৈছে বাইবেলৰ পুৰণি নিয়মত থকা নিৰ্দিষ্টকৈ মিৰিয়ম, দবোৰা আৰু হূলদাৰ নেতৃত্বলৈ। এইটো সত্য যে এই মহিলাকেইগৰাকীক ঈশ্বৰে তেওঁৰ বিশেষ সেৱাৰ বাবে মনোনীত কৰি লৈছিল আঅৰু তেওঁলোক বিশ্বাস, সাহস আৰু নিশ্চয় নেতৃত্বৰ আৰ্হি। তথাপি পুৰণি নিয়মৰ মহিলাৰ কৰ্তৃত্ব মণ্ডলীত মহিলাৰ পালকৰ ক্ষেত্ৰত প্ৰাসংগিক নহয়। নতুন নিয়ম ঈশ্বৰৰ লোকবিলাকৰ বাবে এটা ধাৰা দিছে- মণ্ডলী, খ্ৰীষ্টৰ শৰীৰ-ই মণ্ডলীৰ অতুলনীয় ক্ষমতাৰ সাংগাঠনিক ধাৰাতকৈ বেলেগ, ইস্ৰায়েল জাতি বা পুৰণি নিয়মৰ কোনো অস্তিত্বৰ বাবে নহয়।
একে ধৰণৰ যুক্তি দিয়া হয় নতুন নিয়মৰ প্ৰিষ্কিল্লা আৰু ফৈবীৰ প্ৰসংগত। পাঁচিনিৰ কৰ্ম ১৮ অধ্যাত, প্ৰিষ্কিল্লা আৰু আকিলাক খ্ৰীষ্টৰ বিশ্বাসী পৰিচৰ্যাকাৰীহিচাপে উপস্থাপন কৰা হৈছে। প্ৰিষ্কিল্লা নামটো আগতে উল্লিখিত, সম্ভৱ তেওঁৰ পৰিচৰ্যাত তেওঁৰ স্বামীতকৈ অধিক আগৰণুৱা আছিল। প্ৰিষ্কিল্লা আৰু তেওঁৰ স্বামীয়ে আপল্লোক শিক্ষা দিছিলনে? হয়, তেঁওলোকৰ ঘৰত “ঈশ্বৰৰ পথ ঠিক-থাককৈ বুজাই দিলে”(পাঁচনিৰ কৰ্ম ১৮:২৬)। বাইবেলে কেতিয়াবা কৈছেনে প্ৰিষ্কিল্লা এটা মণ্ডলীৰ পালকৰ কামত থাকি ৰাজহুৱাকৈ শিক্ষা দিছিল বা সাধু-সমাজটিৰ আধ্যাত্মিক নেতা আছিল বুলি? নহয়। আমি যিমান দূৰ জানো, প্ৰিষ্কিল্লা ১ তীমথিয় ২:১১-১৪ ৰ বিপৰীতে পৰিচৰ্যাত জড়িত নাছিল।
ৰোমীয়া ১৬:১ পদত ফৈবীক মণ্ডলীৰ পৰিচাৰিকা(বা সেৱিকা) বুলি কোৱা হৈছে আৰু পৌলে তেওঁক উচ্চ প্ৰশংসা কৰিছে। কিন্তু প্ৰিষ্কিল্লাৰ দৰে, বাইবেলৰ ক’তো উল্লেখ নাই যে ফৈবী পুৰুষৰ এগৰাকী পালক আৰু শিক্ষকহিচাপে আছিল বুলি। “শিক্ষা দিয়াত নিপুণ” গুণটো দিয়া হৈছে বৃদ্ধসকলৰ বাবে, কিন্তু পৰিচাৰকসকলৰ বাবে নহয়( ১ তীমথিয় ৩:১-১৩; তীত ১:৬-৯)।
১ তীমথিয় ২:১১-১৪ পদৰ গঠনে মহিলা কিয় পালক হ’ব নোৱাৰে স্পষ্ট কৰি দিছে। ১৩ পদটো “কিয়নো” বুলি আৰম্ভৰে ১১-১২ পদত পৌলে উক্তিৰ যুক্তি দিছে যে কি কাৰণে মহিলাই পুৰুষক শিক্ষা দিয়া অনুচিত বা পুৰুষৰ ওপৰত ক্ষমতা চলোৱা অনুচিত? কাৰণ “প্ৰথমে আদম, পিছতহে হৱাক নিৰ্মাণ কৰা হৈছিল; আৰু আদমক ভুলুৱা নহ’ল, কিন্তু তিৰুতাক ভুলুৱা হ’ল”(১৩-১৪ পদ)। ঈশ্বৰে প্ৰথমে আদম সৃষ্টি কৰিলে আৰু পিছতে আদমৰ “সহকাৰি” হ’বলৈ হৱাক নিৰ্মাণ কৰিলে। সৃষ্টিৰ ক্ৰম পৰিয়ালত আৰু মণ্ডলীত(ইফিচীয়া ৫:২২-২৩) বিশ্বজনীন প্ৰয়োগ আছে।
হৱাক ভুলুৱা হৈছিল কথাটো ১ তীমথিয় ২:১৪ পদতো দিয়া হৈছে মহিলাই পালক পৰিচৰ্যা নকৰা বা পুৰুষৰ ওপৰত আধ্যাত্মিক ক্ষমতা নথকাৰ কথাটো। তাৰমানে এইটো নহয় যে মহিলাসকল সহজে প্ৰবঞ্চিত হ’ব পাৰে বা তেওঁলোক পুৰুষতকৈ সহজে ঠগ খাব পাৰে। যদি সকলো মহিলা অতি সহজে প্ৰবঞ্চিত হয়, তেওঁলোকক কিয় শিশুবিলাকক শিক্ষা দিবলৈ দিয়া হয়(যিসকল সহজে ঠগ খায়) আৰু ইবিলাক মহিলা(যিসকল অতি সহজে ঠগ খাই বুলি ভবা হয়)? শাস্ত্ৰাংশই ইয়াকে কৈছে যে মহিলাই পুৰুষক শিক্ষা দিব নালাগে বা পুৰুষৰ ওপৰত আধ্যাত্মিক ক্ষমতা চলাব নলাগে কিয়নো হৱা প্ৰঞ্চিত হৈছিল। ঈশ্বৰে মণ্ডলীত মূলতে পুৰুষক শিক্ষা দিবলৈ মনোনীত কৰিছে।
বহুতো মহিলা অতিথি সেৱাত, দয়াৰ কৰ্য, শিক্ষা, শুভবৰ্তা প্ৰচাৰ, আন সহায়ক কামত খুব ভাল। স্থানীয় মণ্ডলীৰ অধিক পৰিচৰ্যা মহিলাৰ ওপৰত নিৰ্ভৰ কৰে। মণ্ডলীত সমূহীয়া প্ৰাৰ্থনা বা ভাববাণী কোৱাত মহিলক নিষেধ কৰা নাই(১কৰিন্থীয়া ১১:৫), কেৱল পুৰুষৰ ওপৰত আধ্যাত্মিক শিক্ষা ক্ষমতাহে বাৰণ কৰিছে। বাইবেলৰ ক’তো মহিলাক পবিত্ৰ আত্মাৰ বৰ ব্যৱহাৰ কৰাত বধা আৰোপ কৰা নাই( ১ কৰিন্থীয়া ১২)। মহিলাসকল, পুৰুষৰ দৰেই আনৰ সেৱাৰ প্ৰতি আহ্বান কৰা হৈছে আৰু আত্মাৰ ফলবিলাক প্ৰকাশিত হ’বলৈ(গালাতীয়া ৫২২-২৩), আৰু পতিতসকলৰ আগত শুভবাৰ্তা ঘোষণা কৰিবলৈ( মথি ২৮:১৮-২০; পাঁচনিৰ কৰ্ম ১৮; ১ পিতৰ ৩১৫)।
ঈশ্বৰে অভিষেক কৰিলে যে কেৱল পুৰুষে মণ্ডলীত আধ্যাত্মিক শিক্ষা দিয়াৰ দায়িত্ব ল’ব। তাৰমানে পুৰুষ যে মহিলাতকৈ ভাল শিক্ষক বা মহিলা যে পুৰুষতকৈ নিকৃষ্ট বা কম জ্ঞনী তেনে নহয়(তেনে নহয়ো)। এইয়া কেৱল ঈশ্বৰে মণ্ডলীৰ কাম তেনেকৈ হোৱাটো কৰিলে। পুৰুষ আধ্যাত্মিক নেতৃত্বৰ আৰ্হি হ’ব লাগিব- কথাৰে আৰু তেওঁলোকৰ জীৱনত। মহিলাসকলে এটা কম ক্ষমতাৰ ভূমিকা ল’ব। মহিলাসকলক আন মহিলাক শিক্ষা দিবলৈ উদ্গনি দিয়া হৈছে(তীত ২৩-৫)। বাইবেলে শিশুবিলাকক শিক্ষা দিয়াত মহিলাক বাৰণ কৰা নাই। কেৱল পুৰুষক শিক্ষা দিয়া আৰু তেওঁলোকৰ ওপৰত আধ্যত্মিক ক্ষমতা চলোৱাতহে বাধা দিছে। এইটো মহিলাক পুৰুষৰ পালক হোৱাত বাৰণ কৰিছে। এইটোৱে কোনো প্ৰকাৰে মহিলাক কম গুৰুত্বপূৰ্ণ নকৰে, বৰং তেওঁলোকৰ প্ৰতি ঈশ্বৰৰ পৰিকল্পনা আৰু তেওঁ দিয়া বৰবিলাক যথাযথ প্ৰয়োগেৰে পৰিচৰ্যাত মনোনিৱেশ কৰিবলৈহে সুযোগ দিয়ে।
English
মহিলা পালক/প্ৰচাৰক? মহিলা পৰিচৰ্যাৰ বিষয়ে বইবেলে কি কয়?