শাশ্বত জীৱন পাইছেনে?
প্রশ্ন: শাশ্বত জীৱন পাইছেনে?
উত্তৰ:
বাইবেলে শাশ্বত জীৱন লাভ কৰিবলৈ এক পৰিষ্কাৰ পথ আগবঢ়াইছে। প্রথমে আমি মানি লব লাগিব যে আমি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছো: "কাৰণ সকলোৱে পাপ কৰিছে আৰু ঈশ্বৰৰ মহত্ত্বৰ কাষ চাপিব পৰা নাই (ৰোমানচ ৩:২৩)। আমি ঈশ্বৰে বেয়া পোৱা কাম কৰিছোঁ, যাৰ বাবে আমি শাস্তিৰ প্রাপ্য। যিহেতু আমাৰ সকলো পাপেই শাশ্বত ঈশ্বৰৰ বিৰুদ্ধে হৈছে, শাশ্বত শাস্তিহে উপযুক্ত হ'ব। পাপৰ মূল্য হৈছে মৃত্যু, কিন্তু আমাৰ প্রভু যীশুৰ মাজেৰে ঈশ্বৰে আমাক শাশ্বত জীৱন উপহাৰ দিছে" (ৰোমানচ ৬:২৩)।
কিন্তু, পাপহীন যীশু (১ পিটাৰ ২:২২), ঈশ্বৰৰ শাশ্বত পুত্র এজন মানুহ হৈ গ'ল (জন ১:১,১৪) আৰু আমাৰ প্রায়চ্চিত কৰিবলৈ মৃত্যু গ্রহণ কৰিলে। "ঈশ্বৰে আমাৰ প্রতি থকা তেওঁৰ ভালপোৱা এইদৰে প্রকাশ কৰিলে: যেতিয়া আমি পাপী হৈ পৰিছিলো, যীশুৱে আমাৰ বাবে প্রাণ দিলে (ৰোমানচ ৫:৮)। যীশুৰে ক্রুচৰ প্রাণ দিলে (জন ১৯:৩১-৪২), আমি কৰা পাপ শাস্তি তেওঁ গাত পাতি ললে (২ কৰিনথিয়াচ ৫:২১)। তিনি দিনৰ পিছত তেওঁৰ কবৰৰ পৰা উত্থান হ'ল (১ কৰিনথিয়াচ ১৫:১-৪), তেনেদৰে তেওঁ পাপ আৰু মৃত্যুৰ বিৰুদ্ধে জয় লাভ কৰিলে। মৃত্যুৰ পিছত পুনৰুত্থানৰ মাজেৰে যীশুৱে তেওঁৰ এই মহান দয়াৰ মাজেৰে তেওঁ আমাক নতুন আৰু আশাভৰা জীৱন দান কৰিলে" (১ পিটাৰ ১:৩)।
বিশ্বাসৰ দ্বাৰা, ত্রাণৰ বাবে-আমি যীশুৰ বিৰুদ্ধে থকা আমাৰ মানসিকতা- তেওঁ কোন, তেওঁ কি কৰিছিল- সলনি কৰিব লাগিব (অ্যাক্টচ ৩:১৯)। আমাৰ পাপৰ প্রায়চ্চিত কৰিবলৈ ক্রুচত হোৱা মৃত্যুক বিশ্বাস কৰি আমি যদি আমি তেওঁ বিশ্বাস কৰো, আমাক ক্ষমা কৰা হ'ব আৰু স্বর্গত শাশ্বত জীৱনৰ প্রতিশ্রুতি লাভ কৰিম। "যিহেতু ঈশ্বৰে পৃথিবীখন ইমানেই ভাল পায় যে তেওঁ নিজৰ একমাত্র পুত্রক পঠিয়ালে যাতে যিজনেই তেওঁক বিশ্বাস কৰিব তেওঁ ধ্বংস নহ'ব বৰঞ্চ শাশ্বত জীৱন লাভ কৰিব (জন ৩:১৬)। "যদি তুকি নিজ মুখে স্বীকাৰ কৰা, 'যীশু আমাৰ প্রভু,' আৰু বিশ্বাস কৰা যে ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা পুনর্জন্ম দিলে, তুমি মুক্তি লাভ কৰিবা" (ৰোমানচ ১০:৯)। ক্রুচৰ ওপৰত সম্পূর্ণ কৰা কার্যৰ ওপৰত বিশ্বাসেই শাশ্বত জীৱনৰ একমাত্র পথ! "কাৰণ কেৱল কৰুণাৰ বাবেহে তুমি মুক্তি লাভ কৰিছা, বিশ্বাসৰ মাজেৰে – আৰু ই তোমাৰ নিজৰ বাবে হোৱা নাই, এয়া ঈশ্বৰৰ উপহাৰ- কর্মৰ দ্বাৰা নহয়, যাতে কোনেও অহঙ্কাৰ কৰিব নোৱাৰে" (ইফেচিয়ানচ ২:৮-৯)।
যদি তুমি যীশুক নিজৰ ত্রাণকর্তা ৰূপে গ্রহণ কৰা, এয়া ইয়াত দিয়া আছে প্রার্থনাৰ এটা নমুনা। মনত ৰাখিবা, এইটো বা আন এটা প্রার্থনা কৰিলেই তুমি মুক্তি লাভ কৰিব নোৱাৰা। কেৱল যীশুক বিশ্বাস কৰিলেহে পাপৰ পৰা মুক্তি লাভ কৰিবা। এই প্রার্থনাটোৰ দ্বাৰা ঈশ্বৰৰ ওপৰত থকা তোমাৰ বিশ্বাস প্রকাশ কৰিব পাৰিবা আৰু তোমাক মুক্তি দান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিবা। হে ঈশ্বৰ, মই জানো যে মই তোমাৰ বিৰুদ্ধে পাপ কৰিছো আৰু মই শাস্তিৰ প্রাপ্য। কিনতু যীশুৱে মোৰ প্রাপ্য শাস্তি নিজে গাত পাতি ললে যাতে তেওঁৰ মাজেৰে মই ক্ষমা লাভ কৰিব পাৰো। মই মোৰ মুক্তিৰ বাবে তোমাৰ ওপৰত বিশ্বাস আনিছোঁ। তোমাৰ অত্যুত্তম কৰুণা আৰু ক্ষমাৰ বাবে ধন্যবাদ – এয়া শাশ্বত জীৱনৰ উপহাৰ! আমেন!"
যাৰ বাবে আপুনি এয়া পঢ়ি আছে সেই যীশুৰ বাবে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিলেনে? যদি কৰিলে, তেন্তে অনুগ্ৰহ কৰি তলত থকা "মই আজি যীশুক গ্ৰহণ কৰিলো”ত ক্লিক কৰক"।
অসমীয়া গৃহপৃষ্ঠালৈ ঘূৰি যাওক
শাশ্বত জীৱন পাইছেনে?
|